শিৱসাগৰ জিলাত সত্ৰ আয়োগৰ বৈঠক-শিৱসাগৰ জিলাৰ জৰাবাৰী, বেঙেনাআটি আদিকে ধৰি একাধিক সত্ৰ পৰিদৰ্শন

অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটি দলে আজি শিৱসাগৰ জিলাৰ জৰাবাৰী, বেঙেনাআটি আদিকে ধৰি জিলা খনৰ বহুকেইখন সত্ৰ পৰিদৰ্শন কৰি সত্ৰ সমূহে সন্মূখীন হৈ অহা ভূমি সমস্যা, চাৰিসীমাৰ বেৰা, পথ উন্নয়ন আদি বিভিন্ন সমস্যাৰ বুজ লয়।

আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত অহা সজাতি দলটোৱে শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এক বৈঠকত অংশগ্ৰহণ কৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সত্ৰ সমূহৰ সত্ৰাধিকাৰ তথা সত্ৰ পৰিচালনা সমিতিৰ বিষয় ববীয়া সকলৰ সৈতে মত বিনিময় কৰে।

বৈঠকত অধ্যক্ষ হাজৰিকাই সত্ৰ সমূহৰ ভূমি সমস্যা সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে।

ইয়াৰোপৰি সত্ৰ সমূহত সংগৃহীত হৈ থকা প্ৰাচীন সম্পদ সমূহ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে।

তেখেতে কয় যে নগাওঁ আৰু বৰপেটাৰ সত্ৰ সমূহ বৰ্তমান বেদখলকাৰীৰ কৱলত।

এই সত্ৰসমূহ উদ্ধাৰ কৰিবৰ বাবে অসম সত্ৰ আয়োগে সমগ্ৰ অসমৰ সত্ৰ সমূহৰ ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰি আছে বুলিও তেখেতে মন্তব্য কৰে।

বৈঠকত শিৱসাগৰ জিলাৰ সত্ৰ মহাসভাৰ সভাপতি গৰাকীয়ে সত্ৰ সমূহে সন্মূখীন হৈ থকা সমস্যা সমূহৰ বিষয়ে আয়োগক অৱগত কৰে।

অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে তেখেতৰ বক্তব্যত সত্ৰ সমূহৰ সমস্যা সমূহ সমাধানৰ বাবে বৰ্তমানৰ চৰকাৰে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে আৰু সমস্যা সমূহ সমাধানৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে।

আয়োগৰ সদস্য ৰূপক শৰ্মাই সত্ৰাধিকাৰ সকলৰ লগতে পৰিচালনা সমিতি সমূহৰ সমস্যা সমূহ সমাধানৰ বাবে আয়োগৰ তৰফৰ পৰা প্ৰদান কৰা এখনি প্ৰ-পত্ৰ পূৰণ কৰি দিবৰ বাবে সকলোলৈকে আহ্বান জনায়।

আজিৰ এই বৈঠকত অধ্যক্ষ গৰাকীৰ সৈতে আয়োগৰ সদস্য তথা বিধায়ক ক্ৰমে ৰূপক শৰ্মা, মৃণাল শইকীয়া, আয়োগৰ সদস্য সচিব অশোক কুমাৰ বৰ্মণ, আয়োগৰ পৰামৰ্শদাতা মাধৱ প্ৰসাদ শৰ্মাই অংশ গ্ৰহণ কৰে।

জিলা প্ৰসাসনৰ হৈ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ, জিলা উন্নয়ণ আয়ুক্ত বিতোপন নেওগ আৰু চক্ৰ বিষয়া সকল উপস্থিত থাকে ৷

Comments (0)
Add Comment