শূন্য সহনশীল বঁটা ঘোষণা

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে দুৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে আপোচ বিহীনভাৱে কৰ্ম সম্পাদন কৰা কেইজনমান ব্যক্তিক শূন্য সহনশীল বঁটা প্ৰদান কৰিছে।আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে শূণ্য সহনশীল বঁটা লাভ কৰা ব্যক্তি সকলৰ নাম ঘোষণা কৰিছে।সেই সকল হ’ল অসমীয়া প্ৰতিদিন কাকতৰ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, অসম পাব্লিক ৱৰ্কচৰ অভিজিৎ শৰ্মা,অসম চৰকাৰৰ আৰক্ষী অধীক্ষক মুকুল শইকীয়া, নিউজ লাইভৰ সাংবাদিক ৰঞ্জন লাল শৰ্মা,প্ৰতিদিন টাইমৰ সাংবাদিক শোণিত কুমাৰ ভূঞা, সাংবাদিক জয়ন্ত দাস, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিগন্ত গগৈ আৰু নিউজ টাইম অসমৰ সাংবাদিক ৰিংকু তামুলী।এই বঁটাৰ লগত থাকিব এখন তাম্ৰ পত্ৰ, সম্বৰ্দ্ধনা পত্ৰ, সঁফুৰা,চেলেং,জাপি ,গামোচা আৰু মাননী।উল্লেখযোগ্য যে অহা ৯ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰা হয়।

Comments (0)
Add Comment