শ্বুটিঙৰ বাবে গুৱাহাটীত বলীউদ তাৰকা ছাৰা আলী খান

বলীউদৰ তাৰকা অভিনেত্ৰী ছাৰা আলী খান শনিবাৰে আহি গুৱাহাটীত উপস্থিত হৈছে।অভিনেত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ মহিলা কমাণ্ডো বেটেলিয়নৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া এখন তথ্যচিত্ৰৰ বাবে গুৱাহাটীলৈ আহিছে।উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ অসম আৰক্ষীৰ মহিলা কমাণ্ডো বেটেলিয়নত তথ্যচিত্ৰখনৰ শ্বুটিং হৈছে।তথ্যচিত্ৰখনত ছাৰা আলী খানে এগৰাকী ‘বীৰংগনা’ৰ ভূমিকা ৰূপায়ন কৰিছে।শ্বুটিঙৰ সময়ত অভিনেত্ৰীগৰাকীয়ে অসম আৰক্ষীৰ মহিলা কমাণ্ডো বেটেলিয়নৰ বিষয়াসকলৰ সৈতে ভাৱ বিনিময় কৰে।ছাৰাই আন ‘বীৰংগনা’সকলৰ সৈতে প্ৰশিক্ষণতো অংশ লয়।ছাৰা আলী খানে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰো দৰ্শন কৰে।

Comments (0)
Add Comment