সজাগতা সভা অনুষ্ঠিত

আজি বিশ্ব সামাজিক ন্যায় দিৱস উপলক্ষে দিকৰাই চাহ বাগিছাৰ পৰিচালক আৰু চাহ মজদুৰ সংঘৰ পৃষ্ঠপােষকতাত তথা সমূহ মহিলা সমিতিৰ উদ্যোগত ‘মাদক দ্রব্য নিবাৰণ আৰু নাৰী নির্যাতনৰ বিৰুদ্ধে এক বহৎ সজাগতা সভা অনুষ্ঠিত হয়। দিকৰাই শ্ৰমিক ভৱন প্ৰাংগনত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা উক্ত সজাগতা সভাৰ আঁত ধৰে দিকৰাই চাহ বাগিচাৰ এগৰাকী উদ্যমী যুৱক অমিত তচাই। সভাৰ আৰম্ভণি ভাষণ প্ৰদান কৰে চাহ মজদুৰ সংঘ বিশ্বনাথ জিলা শাখাৰ সম্পাদক নগেন গোৱালাই । ইয়াৰ পিছত বিশিষ্ট অতিথি বিশ্বনাথ জিলা অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মা, মানৱ অধিকাৰ কৰ্মী ড° পাৰশমণি সিংহা, চিকিৎসকে প্ৰমুখ্যে কেইবা গৰাকী বিশিষ্ট লোকে মাদক দ্ৰব্য নিবাৰণ আৰু নাৰী নিৰ্যাতন প্ৰসংগত আলোচনা কৰে । বিশেষকৈ চাহ বাগিচাৰ শ্ৰমিক সকলৰ মাজত হৈ থকা মাদক দ্ৰব্যৰ অত্যাধিক সেৱনৰ ফলত দিনক দিনে নাৰী নিৰ্যাতনৰ দৰে অপৰাধ জনিত ঘটনা সংঘটিত হৈ আছে আৰু ইয়াৰ পৰিত্ৰানৰ উপায় বিচাৰি এই সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাৰ পূৰ্বে স্থানীয় মহিলা সমিতি আৰু আটছাৰ উদ্যোগত বিভিন্ন শ্লোগানৰে এক সজাগতা ৰেলীৰ আয়োজন কৰা হয় ।

বাতৰি যুগুতালে ৰাতুল হাজৰিকাই..

Comments (0)
Add Comment