সফলতাৰে সম্পন্ন হ’ল যকৃৎ সংৰোপন

সফলতাৰে সম্পন্ন হ’ল যকৃৎ সংৰোপন

গুৱাহাটী ডাউন টাউন হাস্পতাল আৰু হায়দৰাবাদৰ যশোদা হাস্পতালে যুটীয়া ভাৱে প্ৰথমটো যকৃৎ সংৰোপন সফলতাৰে সম্পন্ন কৰে। দুবছৰ ধৰি যকৃৎ ৰোগত আক্ৰান্ত হৈ থকা গোৱালপাৰাৰ জয়দেৱ দাসে  চিকিৎসা কৰি আৰোগ্য লাভ কৰে। আজি তাজ ভিভান্টত অনুষ্ঠিত কৰা এক সংবাদমেলত ডাউন টাউন হাস্পতালৰ সঞ্চালক এন এন দত্তই কয় যে দুয়োখন হাস্পতালে যুটীয়াভাৱে এই অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰিছে। টীম ৱৰ্ক হিচাপে জয়দেৱ দাসৰ পত্নী ৰঞ্জু দাসে আগবঢোৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।অনুষ্ঠানত চিকিৎসা গ্ৰহণ কৰি আৰোগ্য লাভ কৰা ব্যক্তি জয়দেৱ দাসে সমূহ চিকিৎসকসকলক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত যশোদা হাস্পতালৰ সঞ্চালক জি এচ ৰাওৰ লগতে বহুকেইজন চিকিৎসক উপস্থিত থাকে।

Comments (0)
Add Comment