সামৰণি পৰিল বটদ্ৰৱাৰ ঐতিহাসিক দৌল মহোৎসৱ – ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তৰ লগতে আমেৰিকা-ডুবাইৰ পৰাও আহিল দৰ্শনাৰ্থী

ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি পাঁচ দিনীয়া দৌল মহোৎসৱ কাৰ্যসূচীৰ আজি সামৰণি পৰিছে। জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাত পাঁচোটা দিনেই সমগ্ৰ ৰাজ্যখনৰ শদিয়াৰ পৰা ধুবুৰীলৈ অগনন ভক্তপ্ৰাণ ৰাইজৰ আগমনে বৰদোৱাক এক পবিত্র পূন্যভূমিলৈ ৰূপান্তৰ কৰিছিল। আজি পঞ্চম তথা অন্তিম দিনাও ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে। সকলোৰে ইচ্ছা জগতগুৰু জনাৰ পবিত্র জন্মভূমি দৰ্শন কৰি হৃদয় পবিত্র কৰা। বটদ্ৰৱাৰ দৌল উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰাৰ পিছতো দৰ্শনাৰ্থীৰ বাবে কীৰ্তনঘৰ, পদশিলা, পাটনাদ, পবিত্র আকাশীগংগা, দৌল মন্দিৰকে ধৰি সকলো স্থান মুকলি থাকিব আৰু ফাকুৱা মেলা চলি থাকিব আৰু আজি পঞ্চম দিনত সকলো কাৰ্যসূচীৰে অন্ত পৰিব। আকাশীগংগাৰ পাৰৰ স্থায়ী প্ৰেক্ষাগৃহত এই কেইদিন সত্রীয়া সাংস্কৃতিক কাৰ্যসূচী – ভাওনা, বৰগীত, নৃত্য, দিহানাম, টোকাৰীগীত, লোকগীত আদি অনন্য অনুষ্ঠানৰ বৰ্নিল সমাহাৰ ঘটা পৰিলক্ষিত হৈছে। নিশাৰ এই অনুষ্ঠান সমূহত শ্ৰীশ্ৰীবটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, উপ সভাপতি দেৱানন্দ দেৱ গোস্বামী, কাৰ্যকৰী সভাপতি ৰাজীৱ দত্ত, সাধাৰণ সম্পাদক অৰূপ কুমাৰ শইকীয়া, বিশিষ্ট অতিথি ড° স্বপ্নালী দাস, থগিত মহন্ত, শিল্পী মানস ভাগৱতীকে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। লোকে লোকাৰণ্য দৌল মহোৎসৱৰ বিশেষ কথাটো হল দেশ-বিদেশৰ পৰ্যটক আৰু তীৰ্থযাত্ৰীসকলেও ভিৰ কৰিলেহি বটদ্ৰৱাত ৷ দৌল মহোৎসৱৰ চতুৰ্থ দিনা অসমৰ সত্ৰীয়া সংস্কৃতিৰ সাধক দ্বীপজ্যোতি-দিপাংকৰৰ তৎপৰতাত বটদ্ৰৱা উপস্থিত হ’ল সুদূৰ আমেৰিকাৰ শ্ৰীদেৱী জগন্নাথ আৰু ডুবাইৰ ৰোহিনী আনন্দ নামৰ দুগৰাকী মহিলা দৰ্শনাৰ্থী ৷ বটদ্ৰৱাৰ শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ আতিথ্যত অভিভূত হৈ পৰিল দুয়োগৰাকী পৰ্যটক৷ এনেদৰেই বিপুল আনন্দ-উলাহেৰে বটদ্ৰৱা থানৰ ৫৭৩ সংখ্যক দৌল মহোৎসৱৰ সামৰণি পৰে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Comments (0)
Add Comment