সুখবৰ সুখবৰ

সুখবৰ সুখবৰ

IMG-20170916-WA0008

সুখবৰ। শ্রীলংকা কলম্বোত অনুষ্ঠিত হ’ব লগা এন চি চি ৰ আন্তঃৰাষ্ট্রীয় কেডেত বিনিময় অনুষ্ঠানলৈ আমন্ত্রিত হৈছে হাজো সমীপৰ শিঙিমাৰীৰ প্রিয়ংকা নায়ক। উল্লেখযোগ্য যে এই আন্তঃৰাষ্ট্রীয় অনুষ্ঠানটোলৈ  সৰ্বমুঠ ১২ গৰাকী প্রতিনিধি আমন্ত্ৰণ হৈছে। অহা ৬ তাৰিখে প্রিয়ংকা  শ্রীলংকালৈ ৰাওনা হ’ব। এই শুভবাৰ্ত্তা জানিব পাৰি আমি কথা পাতিছিলো প্রিয়ংকাৰ লগত, প্রিয়ংকাই আমাক এনেদৰে জনায় – মই উৎফুল্লিত। ইয়াৰ বাবে মই যথেষ্ট কষ্ট কৰিছিলো আৰু তাৰেই  ফল পালো। স্মৰ্তব্য যে প্রিয়ংকা ৫০ Assam Air sqn ( flg) NCC ৰ সদস্য। 

IMG-20170916-WA0010

আনহাতে উদীয়মান গায়িকা অভিশ্রুতি বেজবৰুৱা “অভিশ্রুতি” শীৰ্ষক এক এলবাম কালি গুৱাহাটী ৰেকেটছ এণ্ড বিলিয়াৰ্দছ মুকলি হ’ব বুলি আজি গুৱাহাটী প্রেছ ক্লাবত সদৰী  কৰে। জানিব পৰা মতে অভিশ্রুতি নামৰ এলবামটো ফিউজন এলবাম ,য’ত ভক্তিমুলক গীত , আধুনিক গীত , বহু গীতৰ  সমাহাৰ ঘটিছে। উল্লেখযোগ্য যে ভক্তিমুলক গীতৰ এলবামটো উত্তৰ কমলাবাৰী সত্রৰ জনাৰ্দন দেবগোস্বামীয়ে আৰু  অভিশ্রুতি শীৰ্ষক এলবামটো মাননীয় সৰ্বানন্দ সোণোৱালে উন্মোচন কৰিব।

Comments (1)
Add Comment
  • Pulak Baishya

    ???