সুশান্তৰ আধৰুৱা সপোনকলৈ ছবি নিৰ্মাণ কৰিব

সুশান্তৰ আধৰুৱা সপোনকলৈ ছবি নিৰ্মাণ কৰিব

হঠাতে হেৰাই গৈছিল বলিউডৰ প্ৰতিভাৱান তাৰকা সুশান্ত সিং ৰাজপুত।সুশান্ত সিং ৰাজপুতৰ মৃত্যু আজিও ৰহস্য হৈ থাকিল।তেওঁ আধৰুৱা সপোন পূৰণৰ বাবে আগবাঢ়িছে সুশান্ত অনুৰাগীয়ে।সুশান্ত বিভিন্ন অনুৰাগী দৰে এগৰাকী অনুৰাগী আগবাঢ়িছে সুশান্তক লৈ ছবি নিৰ্মাণৰ বাবে। তেখেতৰ নাম সঞ্জয় পূৰণ সিং চৌহান।ছবিখনৰ নাম চান্দ মামা দূৰ কী ।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে সুশান্ত প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবেই পৰিচালক সিঙে ছবিখন নিৰ্মাণৰ কথা চিন্তা কৰা বুলি সাংবাদিকক জানিবলৈ দিছে।ছবি খনত সুশান্তই অভিনয় কৰিব লগীয়া চৰিত্ৰটোত কোনে অভিনয় কৰিব সেয়া এতিয়াও ঠিক হোৱা নাই যদিও ২০১৭ চনতে ছবি খনত আৰ মাধৱন,নৱাজুদ্দিন ছিদ্দিকি আদিয়ে অভিনয় কৰাৰ কথা আছিল।এতিয়াও তেওঁলোকে ছবিখনত অভিনয় কৰাৰ সম্ভাৱনা আছে বুলি পৰিচালক সিঙে জানিবলৈ দিছে।

Comments (0)
Add Comment