স্বাস্থ্যখণ্ডত সুচনা হ’ল ন অধ্যায়ৰ

স্বাস্থ্যখণ্ডত সুচনা হ’ল ন অধ্যায়ৰ

WhatsApp Image 2018-02-03 at 6.19.22 PM

স্বাস্থ্যখণ্ডৰ বাবে ঐতিহাসিক দিন হিচাপে পৰিগণিত হ’ল আজিৰ দিনটো। টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ মাজত স্বাক্ষৰিত হ’ল MOU চুক্তি। উল্লেখযোগ্য যে এই চুক্তিৰ আধাৰত কেঞ্চাৰ ৰোগীসকলৰ বাবে ১৮ খন চিকিৎসালয়ত কেঞ্চাৰ ইউনিট গঠন কৰা হ’ব। ইয়াৰ দ্বাৰা ৰোগী সকলে অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰিব। এই সম্পৰ্কে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় এনে সেৱাৰ দ্বাৰা কেঞ্চাৰ ৰোগীসকলে বাহিৰলৈ চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ নোযোৱাকৈ ৰাজ্যখনৰ ভিতৰতে সুবিধা লাভ কৰিব। উল্লেখযোগ্য যে বিনিয়োগ সন্মিলনৰ অংশ হিচাপে এনেধৰণৰ কাৰ্য্যসূচী ৰূপায়ন হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, টাটা ট্ৰাষ্টৰ চেয়াৰমেনকে আদি কৰি বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment