স্মাৰ্ট চিটি তালিকাৰে আজিৰ খবৰ

স্মাৰ্ট চিটি তালিকাৰে আজিৰ খবৰ

CHHATH-620x400

আজি ষঠ পূজা। সমগ্ৰ ৰাজ্যতে ভক্তপ্ৰাণ ৰাইজে এই পূজা উদযাপন কৰিছে। প্ৰধানকৈ সূৰ্য্য দেৱতাক পূজন এই পূজাত কৰা হয়। বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ লগতে অন্য অন্য সম্প্ৰদায়ৰ লোকসকলে ষঠ পূজা অৰ্চনা কৰা দেখা গৈছে। সূৰ্য্য উদয় হোৱা আৰু সূৰ্য্য অস্ত যোৱা সময়ত পানীত নামি সূৰ্য্য দেৱতাক বিভিন্ন মনৰ কামনা লৈ পূজা অৰ্চনা কৰা হয়।

WhatsApp Image 2017-10-26 at 6.45.00 PM

ভক্তসকলৰ বিশ্বাস, সম্পূৰ্ণ উপবাসেৰে নীতি নিয়মেৰে পূজা ভাগ আগবঢ়ালে মনৰ বাঞ্চনা পূৰ্ণ হয়। মহানগৰীৰ বিভিন্ন স্থান যেনে কাছমাৰী ঘাট, ভৰলুমুখ, আমিনগাঁওৰ সংকট মোচন সেৱাশ্ৰম ঘাট, বশিষ্ঠ মন্দিৰৰ প্ৰাংগনত ষঠ পূজাৰ উপলক্ষ্যে অসংখ্য ভক্তৰ সমাগম হৈছে।

WhatsApp Image 2017-10-26 at 6.43.14 PM

কেন্দ্ৰীয় চৰকাৰৰ আবাস আৰু চহৰ উন্নয়ন মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে উত্তৰ পূব উন্নয়নৰ বাবে বিভিন্ন আঁচনি হাতত লোৱাৰ কথা সদৰী কৰে। আজি মহানগৰীৰ প্ৰশাসনিক ষ্টাৰ্ফ কলেজত আয়োজিত এক সংবাদমেলত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কথা জানিবলৈ দিয়ে। ইয়াৰ ভিতৰত প্ৰধান মন্ত্ৰীৰ আবাস যোজনা, অটল মিছন ফৰ ৰেজুভেনেচন এণ্ড আৰবান টাঞ্চমেচন আৰু “স্মাৰ্ট চিটি” অন্যতম। নগালেণ্ড, চিকিম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, আৰুণাচল প্ৰদেশ আৰু অসমৰ বাবে সৰ্বমুঠ ১৮২ কোটি টকা আগবঢ়ায়। স্মাৰ্ট চিটিৰ তালিকাত গুৱাহাটী, ইম্ফল, আগৰতলা, নামচি, কহিমা, পাচিঘাট, আইজল, গেংটকৰ নাম সন্নিবিষ্ট কৰে।

সমান্তৰালকৈ বিভিন্ন সমস্যা যেনে পেলনীয়া সামগ্ৰীৰ সমস্যা ৰাস্তা-ঘাট, টয়’লেটৰ সমস্যা, কৃত্ৰিম বানপানী আদিবোৰ সমস্যা স্থায়ী সমাধানৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে। সংবাদ মেল খনত ৮ খন ৰাজ্যৰ বিভাগীয় মন্ত্ৰী সকলৰ লগতে বহুতো উচ্চ পদস্থ বিষয়াই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে সংবাদ মেলৰ প্ৰাকমূহুৰ্ত্বত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৮ খন ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়।

Comments (0)
Add Comment