সৰ্ব ভাৰতীয় ৰেংকত আই আই টি দখল কৰিলে ষষ্ঠস্থান

সমগ্ৰ বিশ্বৰে টপত থকা এখন জাৰ্ণেল হ’ল নেচাৰ্ছ ইনডেক্স। এই টপ জাৰ্ণেল নেচাৰ্ছ ইনডেক্সে শেহতীয়া ভাৱে কিছু সমীক্ষা চলাইছে। নেচাৰ্ছ ডেক্সৰ এই সমীক্ষাত তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান আই আই টি গুৱাহাটীয়ে কেবাটাও শিতানত নিজৰ নাম উজলাবলৈ সক্ষম হৈছে।
 
 
সৰ্বভাৰতীয় ৰেংকত পূৰ্বৰ দশম স্থানৰ পৰা ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে আই আই টি গুৱাহাটীয়ে। সমান্তৰালভাৱে আই আই টি গুৱাহাটীয়ে ৰসায়ন শিতানত পূৰ্বৰ সপ্তম স্থানৰ পৰা পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বৰ ভিতৰত পূৰ্বৰ ৰেংক ৪৬৩তম স্থানৰ পৰা ৩৫০তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আই আই টি গুৱাহাটীয়ে।

Comments (0)
Add Comment