হস্তী মানুহৰ মাজত সম্পৰ্ক স্থাপন কৰাত সফল হৈছে হাতীবন্ধু

হস্তী মানুহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰাত সফল হৈছে হাতীবন্ধু নামৰ এটা সংগঠনে।এই সংগঠনটোৰ গুৰি ধৰিছে পৰিৱেশকৰ্মী বিনোদ দুলু বৰা আৰু প্ৰদীপ ভূঞাই।
 
 
জানিব পৰা মতে শেহতীয়াকৈ ছাপানালত ঘাঁহ ৰোপন কৰি হাতীৰ বাবে খাদ্য যোগান ধৰিছে । এই সম্পৰ্কে বিনোদ দুলু বৰাই কয় যে যোৱা ২০ বছৰ ধৰি পৰা হাতীয়ে ৰংহাঙ অঞ্চলৰ পথাৰত নামি অহৰহ খেতি নষ্ট কৰি আহিছে। মানুহকো অত্যাচাৰ কৰা লগতে ঘৰ দুৱাৰ ভাঙি খেতি পথাৰ নষ্ট কৰি আহিছে।এইবাৰ হাতীয়ে পথাৰত এটা খোজও দিয়া নাই।সকলো ৰাইজে ধুনীয়াকৈ খুৱাব পৰিছে।মানুহবোৰে সুন্দৰকৈ ধান দাই চপাই ঘৰলৈ আনিব পৰিছে।এয়া এক প্ৰকাৰৰ সফলতা বুলিব পাৰি।
এই খবৰে প্ৰকৃতিপ্ৰেমী সকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

Comments (0)
Add Comment