হাতখন ব্যৱহাৰ নকৰাকৈয়ে ছেনিটাইজ কৰিব পৰা সঁজুলি নিৰ্মাণ কৰিছে

হাতখন ব্যৱহাৰ নকৰাকৈয়ে ছেনিটাইজ কৰিব পৰা সঁজুলি নিৰ্মাণ কৰিছে

সমগ্ৰ বিশ্বজুৰি তোলপাৰ লগাইছে ক’ৰণা মহামাৰীয়ে। ইয়াক প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন। এই সময়তে মহামাৰী ক’ৰণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ  নগাঁৱৰ কলিয়াবৰত নিৰ্মাণ কৰা হৈছে  অত‍্যাধুনিক হেণ্ড ছেনিটাইজাৰ সঁজুলি।
 
 
এই হেণ্ড ছেনিটাইজাৰৰ সজুলি নিৰ্মাণ কৰি উলিয়াইছে নগাঁও জিলাৰ অন্তৰ্গত কলিয়াবৰৰ নলতলীৰ পাৱাৰলাইন ইণ্ডাষ্ট্ৰিজে। কলিয়াবৰৰ উদ‍্যোগিক আন্তঃগাঁথনি বিকাশ কেন্দ্ৰস্থিত এই পাৱাৰলাইন ইণ্ডাষ্ট্ৰিজে স্থানীয় চাহিদাৰ প্ৰতি লক্ষ‍্য ৰাখি নিৰ্মাণ কৰি উলিয়াইছে এই সজুলিটোৰ। উল্লেখ্য যে মানুহে নিজৰ হাত খনৰ ব‍্যৱহাৰ নকৰাকৈয়ে ব‍্যৱহাৰ কৰিব পাৰিব এই হেণ্ড ছেনিটাইজাৰ সঁজুলিটো।
 
 
উল্লেখনীয় যে এই হেণ্ড ছেনিটাইজাৰৰ সজুলিটো আন সামগ্ৰী বিলাকৰ তুলনাত অতি কম খৰচত এই হেণ্ড ছেনিটাইজাৰৰ সজুলিটো নিৰ্মাণ কৰি উলিয়াইছে কিৰ্লোস্কাৰ জেনেৰেটৰ নিৰ্মাণ কাৰখানাই।
 
 
এই যন্ত্ৰটো আজি মুকলি কৰি দিয়া হয় কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত। অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা এই অনুষ্ঠানটোত এই হেণ্ড ছেনিটাইজাৰৰ সঁজুলিটো ব‍্যৱহাৰ কৰাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে। আজিৰ এই অনুষ্ঠানটোত কলিয়াবৰৰ পাৱাৰলাইন ইণ্ডাষ্ট্ৰিজৰ বিষয়ববীয়াই সজুলিটোৰ প্ৰথমটো নিৰ্মাণ ব্যৱহাৰৰ কাৰণে প্ৰদান কৰে কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত। বজাৰত জি এছ টি সহ সৰ্বমুঠ ৪৫০০টকাত  নিৰ্মিত এই হেণ্ড ছেনিটাইজাৰৰ সঁজুলিবিধ উপলব্ধ হ’ব।

Comments (0)
Add Comment