হাল বোৱা যন্ত্ৰ উদ্ভাৱন টীয়কৰ যুৱকৰ

ৰাজ্যত ক’ৰণাই চলাই থকা তাণ্ডৱৰ মাজতে অৰ্থনৈতিকভাৱে দুৰ্বল কৃষক সকলৰ বাবে আছে এক সুখবৰ। সাম্প্ৰতিক সময়ত যিসকল কৃষকে লাখ লাখ টকা ব্যয় কৰি কৃষিৰ বাবে এহাল গৰু তথা এখন পাৱাৰ টিলাৰ ক্ৰয় কৰাৰ কাৰণে পাৰ্যমানে সক্ষম নহয় সেইকল কৃষকৰ কাৰণে এক সহায় হৈ পৰিছে টীয়কৰ দেৱজিৎ দত্ত। উল্লেখযোগ্য যে টীয়কৰ মেলং গায়ন গাঁৱৰ যুৱক দেৱজিৎ দত্তই সাজি উলিয়াইছে এক অভিনৱ পদ্ধতিৰ হালবোৱা যন্ত্ৰ। যন্ত্ৰটো সাজি উলিয়াওতে খৰচ হৈছে সৰ্বমুঠ প্ৰায় ১৫ৰ পৰা ২০ হাজাৰ টকা।
 
 
ক’ৰণাৰ পৰা জনসাধাৰণক পৰিত্ৰাণ দিবলৈকে চৰকাৰে ঘোষণা কৰা লকডাউনৰ সময়চোৱাত যুৱক দেৱজিত দত্তই এই যন্ত্ৰটো সাজি উলিয়াইছে। স্মৰ্তব্য যে যন্ত্ৰটো সজাৰ সময়ত স্কুটাৰৰ ইঞ্জিন আৰু আনুসংগিক কেতবোৰ সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছে। প্ৰায় ডেৰবিঘা খেতিমাটিত এক লিটাৰ তেলেৰে এই যন্ত্ৰটোৰে অনায়েসে হাল বাব পাৰি বুলি দেৱজিতে জানিবলৈ দিছে।

Comments (0)
Add Comment