টিম হিউমেনিটিয়ে ৰচিলে মানৱতাৰ জয়গান

টিম হিউমেনিটিয়ে ৰচিলে মানৱতাৰ জয়গান

WhatsApp Image 2017-11-23 at 6.05.35 PMপৃথিৱীৰ সকলো বস্তুৰে ৰং সলনি হ’লেও ৰং সলনি নোহোৱা এবিধ বস্তু হ’ল তেজ। তেজৰ কোনো ধৰ্ম নাথাকে। জাত পাত নাথাকে। সেয়েহে ৰক্তদান হ’ল এক মানৱীয়তাৰ ধৰ্ম। এই মন্তব্য বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনৰ। আজি মহানগৰীৰ বৃন্দাবন গাৰ্ডেনত টিম হিউমেনিটিয়ে অনুষ্ঠিত কৰা এক অনুষ্ঠানত এই মন্তব্য কৰে। উল্লেখ্য যে, সম্প্ৰতি সময়ৰ অন্যতম জনপ্ৰিয় চ’ছিয়েল মাধ্যম ফেচবুকৰ জৰিয়তে জন্ম লাভ কৰা ৰক্তদানৰ হিউমেনিটি নামৰ গোটৱেই আজি ২য় বৰ্ষত ভৰি দিলে। দ্বিতীয় বৰ্ষত উপনীত হৈ সংগতি ৰাখি অনুষ্ঠিত কৰিলে এক অনুষ্ঠান। এই অনুষ্ঠানত বহু কেইজন চিকিৎসক, সাংবাদিকে দি গল বহুকেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ। বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনে ক’লে এনেদৰে.. ৰক্তদানে বহু আশাহীন মানুহলৈ সুখৰ বতৰা কঢ়িয়াই আনে। আমেৰিকাত ৩৬% শতাংশ লোকে ৰক্তদান কৰে। ইয়াৰ তুলনাত ভাৰতবৰ্ষত ৰক্তদান কৰা ব্যক্তিৰ সংখ্যা বহু কম। ইয়াৰ মূল কাৰণ হ’ল মানুহৰ মাজত সজাগতাৰ অভাৱ। পুস্তিকা বিতৰণ তথা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কাৰ্য্য চলালে কিছু হ’লেও জনসাধাৰণে ৰক্তদানৰ নিচিনা মহান কাৰ্য্যৰ সম্পৰ্কে অৱগত হ’ব।

WhatsApp Image 2017-11-23 at 6.06.39 PM

আনহাতে সাংবাদিক প্ৰকাশ মহন্তই মন্তব্য কৰে যে, ৰক্তা-ৰক্তিয়ে দেশ উন্মাদ কৰি তোলাৰ সময়তে Humanity গোটে যি পদক্ষেপ গ্ৰহণ কৰিছে সচাঁই প্ৰশংসনীয়। বহু নৱপ্ৰজন্মই ইতিবাচক কামৰ জৰিয়তে আজিও সমাজত সেৱা আগবঢ়াই আহিছে। সেই কথা বহুতে নাজানে। দ্বিতীয় বৰ্ষপুৰ্তি উপলক্ষে “তেজ” নামৰ এখন মুখপত্ৰ উন্মোচন কৰা হয়। আৰু হিউমেনিটি গোটৰ এজন সদস্যই থিতাতে এখন চিত্ৰ অংকন কৰে। স্মৰ্তব্য যে, কেৱল ফেচবুক যোগে সংগঠিত হোৱা Humanity গোটৰ সদস্যৰ সংখ্যা ৭০,০০০ হাজাৰ। এতিয়ালৈকে প্ৰথম ৪০০০ সদস্যই এই গোটৰ দ্বাৰা সেৱা আগবঢ়াইছে। মানৱতাৰ জয়গান গোৱা, মানৱ ধৰ্ম পালন কৰা এই গোটৰ সমূহ সদস্যক nefocus.com ৰ ফালৰ পৰা পৰা জনাইছো এই বিশেষ দিনটোত বহু শুভকামনা।

Comments (0)
Add Comment