হীৰক জয়ন্তী অস্থায়ী কাৰ্য্যালয় উদ্বোধন

আজাৰা অঞ্চলৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান ৰাজধৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা কাৰ্য্যালয় মুকলি কৰে।আজাৰাৰ গধুলি বজাৰত অস্থায়ী কাৰ্য্যালয়টো আনুষ্ঠানিক ভাৱে মুকলি কৰে হীৰক জয়ন্তী উদযাপন কমিটিৰ কাৰ্য্যকৰী সভাপতি ভৱেন্দ্ৰ চন্দ্ৰ মেধিয়ে।এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত হীৰক জয়ন্তী উদযাপন কমিটিৰ সম্পাদক সুনীল বৰুৱাই আঁত ধৰা সভাৰ পূৰ্বে উদযাপন সমিতিৰ উপদেষ্টা তৰুণ চন্দ্ৰ মেধি আৰু অৱনী দাসে বন্তি প্ৰজ্বলন কৰে।অস্থায়ী কাৰ্য্যালয়টো মুকলি কৰি দিয়া ভাষণত ভৱেন্দ্ৰ চন্দ্ৰ মেধিয়ে বৃহত্তৰ অঞ্চলটোৰ অন্যতম পুৰণি শিক্ষানুষ্ঠানখনৰ হীৰক জয়ন্তী বিভিন্ন কাৰ্য্যসূচী সফল কৰাৰ বাবে সকলোকে আহ্বান জনায় ।

Comments (0)
Add Comment