চেভ দ্যা ৰাইনো শীৰ্ষক তথ্য চিত্ৰ খনৰ দৃশ্যগ্ৰহণৰ বাবে কাজিৰঙালৈ আহিছে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছন।
ইতিমধ্যে তেখেতৰ কেবাখনো ফটো চ’চিয়েল মেডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে।ইয়াৰ সমান্তৰালভাৱে আজি দিনত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো।
ফটোখনত মহানগৰীৰ হৰিটেজ খৰিকাত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে দুপৰীয়া আহাৰ গ্ৰহণ কৰা দেখা গৈছে ।চেফ অতুল লহকৰ ৰেষ্টুৰেণ্ট হেৰিটেজ খৰিকাত পোৰা বিলাহী, পাতত দিয়া মাছ গ্ৰহণ কৰা দেখা গৈছে।ফটো কেইখন চেফ অতুল লহকৰে নিজৰ ফেচবুকত প্ৰফাইলত আপডেট দিছে।
হেৰিটেজ খৰিকাত দুপৰীয়া আহাৰ গ্ৰহণ কৰিলে কেভিন পিটাৰছনে
