১০০ গছপুলি বিতৰণ কৰিলে হাফলঙৰ জৱাহৰ নৱোদয়ত

১০০ গছপুলি বিতৰণ কৰিলে হাফলঙৰ  জৱাহৰ নৱোদয়ত

পৰিবেশতন্ত্ৰক সন্তুলন কৰি ৰখা তথা গ্ল’বেল ৱাৰ্মিঙৰ প্ৰতি লক্ষ্য ৰাখি হাফলং প্ৰেছ ক্লাবে এক পদক্ষেপ গ্ৰহণ কৰিছে ।সেই অনুসৰি সেউজ বিদ্যালয় পৰিস্কাৰ বিদ্যালয় শীৰ্ষক মন্ত্ৰ আগত ৰাখি কালি হাফলঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন গছৰ পুলি বিতৰণ কৰে।বিদ্যালয়খনৰ চৌহদত আয়োজন কৰা এক অনুষ্ঠানত হাফলং প্ৰেছ ক্লাবৰ সভাপতি অনুপ কুমাৰ বিশ্বাসে ছাত্ৰ ছাত্ৰী সকলক গছপুলি প্ৰতিপালনৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়।অনুষ্ঠানত জে এন ভিৰ অধ্যক্ষ,শিক্ষকসকলৰ লগতে হাফলং প্ৰেছ ক্লাবৰ বিপ্লৱ কুমাৰ দেৱ, পংকজ কুমাৰ দেৱ, পংকজ টিমুঙ, স্বদ্বীপ হাছাম আৰু সুৰজ বৰ্মন উপস্থিত থাকে ।জানিব পৰা মতে হাফলং প্ৰেছ ক্লাবে অনাগত দিনটো এনে কাৰ্য্যসূচী ৰূপায়ন কৰি যাব ।উল্লেখযোগ্য যে প্ৰেছ ক্লাবৰ এই পদক্ষেপক আগবঢ়াই নিয়াত সহযোগ কৰিছে হাফলঙৰ বন বিভাগে।পাহাৰীয়া জিলাখনত সংবাদ কৰ্মীসকলে গ্ৰহণ কৰা এই প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে ।সহযোগ কৰিলে হাফলঙৰ পৰা পংকজ টিমুঙে।

Comments (0)
Add Comment