যোৱা বুধবাৰে নগাঁও জিলাৰ বামুণী পাহাৰৰ কঠিয়াতলী ফৰেষ্ট ৰেঞ্জত সংঘটিত হৈছিল এক কৰুণ দূৰ্ঘটনা। যাৰ ফলস্বৰুপে ১৮ টাকৈ হাতীয়ে ৰহস্য জনকভাবে প্ৰাণ ত্যাগ কৰিছিল। এই হাতীৰ মৃত্যু হোৱা খবৰ পায়েই কঠিয়াতলী ফৰেষ্ট ৰেঞ্জত পৰিবেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হয় আৰু পৰিস্থিতি বুজ লয়। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰি মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ই অতিকৈ দুৰ্ভাগ্যজনক আৰু এয়া হয়টো বজ্ৰপাতৰ ফলতেই হয়টো এনে ঘটনা সংঘটিত হ’ব পাৰে বুলি তেওঁ ব্যক্ত কৰে আৰু লগতে কয় যে প’ষ্টমৰটেণ্ট ৰিপ’ৰ্টতেহে কি ধৰণৰ ঘটনা এনেকৈ সংঘটিত হ’ল সেয়া জানিব পৰা যাব।
১৮ টাকৈ হাতীৰ ৰহস্য জনক মৃত্যুৰ পাছতেই ফৰেষ্ট ৰেঞ্জত উপস্থিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য
