তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত অসম চৰকাৰে সাংবাদিক সকলৰ বাবে পেঞ্চন আঁচনিৰ অধীনত ২০২০-২১ বৰ্ষৰ বাবে ৰাজ্যখনৰ বিভিন্ন জিলাৰ ২০ গৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিক নিৰ্বাচন কৰা হৈছে।
এই আঁচনিৰ অধীনত ৬০ বছৰ পূৰ্ণ হোৱা অৱসৰপ্ৰাপ্ত সাংবাদিক সকলে প্ৰতি মাহে ৮০০০ টকাকৈ পেঞ্চন লাভ কৰিব। প্ৰতি বছৰে উক্ত আঁচনিৰ অধীনত ২০ গৰাকীকৈ সাংবাদিকক নিৰ্বাচন কৰা হয়।
২০২০-২১ বৰ্ষৰ বাবে নিৰ্বাচিত সাংবাদিক সকল হ’ল – প্ৰশান্ত বৰুৱা দৰং, তৰুণ শইকীয়া কামৰূপ মেট্ৰ, হোমেশ্বৰ হীৰা নগাঁও, দেৱদাস পুৰকায়স্থ হাইলাকান্দি, দুগ্ধ দত্ত গোলাঘাট, জাহ্নৱী খাউণ্ড কামৰূপ মেট্ৰ, কুমুদ ৰঞ্জন দাস কামৰূপ মেট্ৰ, নিৰঞ্জন মহন্ত যোৰহাট, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নগাঁও, নলিনী বৰঠাকুৰ নগাঁও, মানস কুমাৰ মহন্ত কামৰূপ মেট্ৰ, মদন সিংহাল কাছাৰ, নৰেন বৰা বিশ্বনাথ চাৰিআলি, অপূৰ্ব বল্লভ গোস্বামী গোলাঘাট, গকুল কৃষ্ণ শৰ্মা তিনিচুকীয়া, নৰেশ দাস কলিতা গোৱালপাৰা, মিহিৰাম বৰা যোৰহাট, প্ৰণৱ আচাৰ্য কামৰূপ মেট্ৰ , থানেশ্বৰ নেওগ কাৰ্বিআলং , আৰু বিমান চন্দ্ৰ হাজৰিকা কামৰূপ মেট্ৰ ।
২০ গৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিকলৈ ৰাজ্য চৰকাৰৰ পেঞ্চন

সাংবাদিক সকলেও ৬০ বছৰত অবসৰ লয় নেকি? কিয় অবসৰপ্ৰাপ্ত বুলি কয় বুজি নেপালো।