ক’ৰণা মহামাৰীক প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ দেশজুৰি চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন। লকডাউনৰ এই সয়ছোৱাত দেশবাসীৰ বাবে কেন্দ্ৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে এক ভাল খবৰ। কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে বৃহস্পতিবাৰে এক সংবাদমেল যোগে ঘোষণা কৰে এই ভাল খবৰটো।
সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে অহা ২৫ মে’ৰ পৰা ৰাজ্যত আৰম্ভ হ’ব ঘৰুৱা বিমান সেৱা। সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে যিসকল যাত্ৰীয়ে ঘৰুৱা বিমান যাত্ৰা কৰিব বিচাৰে সেইসকল যাত্ৰীয়ে ঘৰুৱা বিমানৰ বাবে পৰিশোধ কৰিব লাগিব নুন্যতম তিনি হেজাৰ পাঁচশ টকাৰ পৰা সৰ্বাধিক দহ হাজাৰ টকা পৰ্যন্ত। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ঘৰুৱা বিমানৰ ক্ষেত্ৰত এই নিৰিখ বিগত তিনি মাহৰ বাবেহে থাকিব।
ঘৰুৱা বিমানত সামাজিক দুৰত্বৰ ব্যৱধান সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে যিহেতু দহ দিনৰ পুৰ্বেই ঘৰুৱা বিমানৰ সকলোধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে তেনেস্থলত যাত্ৰীসকলৰ মাজৰ আসন সমূহ খালী ৰাখিব পৰা নাযাব। আনহাতে যাত্ৰী সকলে তেওলোকৰ বাবে নিজৰ নিজৰ মোবাইলত আৰোগ্য এপ ডাউনলড কৰাতো বাধ্যতামূলক। সমান্তৰালভাৱে সকলো যাত্ৰীয়ে বিমানত উঠাৰ পূৰ্বেই স্বাস্থ্য পৰীক্ষা তথা মুখত মাস্ক আৰু লগত ছেনিটাইজাৰ ৰখাটো বাধ্যতামূলক। গন্তব্য স্থান পোৱাৰ সময়লৈকে যি যাত্ৰা সেই যাত্ৰাৰ সময়ত কোনো যাত্ৰীকে বিমানত খাদ্য সামগ্ৰী যোগান ধৰা নহয়। বিনা স্বাস্থ্য পৰীক্ষাই কোনো ধৰণৰ যাত্ৰীক বিমানত যোৱাৰ অনুমতি প্ৰদান কৰা নহয়।
২৫ ম’ৰ পৰা চলিব ঘৰুৱা বিমান সেৱা
