২৬সংখ্যক কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে বেলকনিত ভগৱান

২৬সংখ্যক কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ National competition on Indian language শাখাৰ বাবে নিৰ্বাচিত হৈ চর্চালৈ অহা বেলকনিত ভগৱান নামৰ অসমীয়া চলচ্চিত্ৰ খন এইবাৰ নিৰ্বাচিত হৈছে ১৯ সংখ্যাক ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ।
অহা ১৬ ৰ পৰা ২৪ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া মহোৎসৱত চলচ্চিত্ৰখনে দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ লগত অংশগ্ৰহণ কৰিব। মাইনা প্ৰডাকচন বেনাৰত নিৰ্মিত চলচ্চিত্ৰখন পৰিচালনা কৰিছে বিশ্বজিৎ বৰা আৰু প্ৰযোজনা কৰিছে জেতুকা পাতৰ দৰেৰ প্ৰযোজক নুৰুল চুলতানে।
চলচ্চিত্ৰ খনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলিউডৰ কেইবাখনো ছবি ক্ৰমে য়াহা,কমিনে,মিডনাইটচ চিলড্ৰেন, গেংগচ অৱ ৱাছিপুৰ আদিত অভিনয় কৰা হাৰিশ খান্নাই।লগতে আন দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰণালী ভাৰথী আৰু আৰু পৰিনান্ধি জিমা চুলতানাই।
ইয়াৰ উপৰি অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ’ , শোণিত বৰা,সাংবাদিক ইভা মহন্ত,পৱিত্ৰ বৰুৱা,গৌৰীশংকৰ ভূঞা,যতীন খনিকৰ,বিনোদলাল দাস,অজয় ভৰালী, আলোক বৰৱা,জ্যোতিষ্মান কাশ্যপ আদিৰ লগতে জ্যেষ্ঠ অভিনেতা দীনেশ দাস জ্যেষ্ঠ অধিবক্তা বিজন মহাজন আৰু সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাই অভিনয় কৰিছে।
উল্লেখযোগ্য যে কৃষি মন্ত্ৰী অতুল বৰাই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।চলচ্চিত্ৰ খনৰ চিত্ৰগ্ৰহণ কৰিছে মুম্বাই চিটাংশু খামাৰিলে ।কলা নিৰ্দেশনা জয়ন্ত জিন ফুকনৰ আৰু প্ৰযোজনা নিয়ন্ত্ৰণ অসীম শইকীয়াৰ আৰু সহকাৰী কুমুদ বৰাৰ।

Comments (0)
Add Comment