২৯৯ বছৰীয়া পৰম্পৰাৰে ঢকুৱাখনাৰ-শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত মহাষ্টমী পালন

২৯৯ বছৰীয়া পৰম্পৰাৰে ঢকুৱাখনাৰ-শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত মহাষ্টমী পালন

শদিয়াৰ ইতিহাস প্ৰসিদ্ধ তাম্ৰেশ্বৰী দেৱালয়ৰ পৰা  বিগ্ৰহ আনি ১৭২২ খ্ৰীষ্টাব্দত ঢকুৱাখনা মহকুমাৰ দেৱলীয়া গাঁওৰ হাৰ্হি দেৱালয়ত  প্ৰাণ প্ৰতিষ্ঠা কৰা  শ্ৰী শ্ৰী  দুৰ্গা দেৱীৰ  জাগ্ৰত পীঠত ২৯৯ বছৰীয়া পৰম্পৰা অব্যাহত ৰাখি বুধবাৰে পালন কৰা হৈছে মহাষ্টমীৰ পূজা ।  ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা শ্ৰী শ্ৰী  ঈশ্বৰী হাৰ্হি দেৱালয়লৈ দেৱীৰ শ্ৰী চৰণত এভাগী শৰাই আগবঢ়াবলৈ বুধবাৰে পুৱাৰ পৰাই ভক্তপ্ৰাণ ৰাইজৰ অভূতপূৰ্ব আগমনে ঐতিহাসিক শক্তিপীঠখন মহিমামণ্ডিত কৰি তোলা পৰিলক্ষিত হৈছে।   পুৱাই দুৰ্গতিনাশিনী,মহিষামৰ্দিনীৰ পবিত্ৰ  পীঠ ভাগিত  চাকি বন্তি জ্বলাই পুৰোহিতৰ মহাষ্টমীৰ মন্ত্ৰপাঠেৰে আই গোসাঁনীৰ পূজা অৰ্চনা কৰাৰ পৰৱৰ্তী সময়ত অগণন ভক্তৰ দ্বাৰা দেৱীলৈ উৎসৰ্গিত শ শ হাঁহ , ছাগলী বলি দি আই গোসাঁনীক সন্তুষ্টিৰ বাবে ওৰে দিনটো অব্যাহত ৰখা  শতিকা জোৰা পৰম্পৰাৰ ফলশ্ৰুতিত ঐতিহাসিক গোসাঁনী থানৰ মজিয়া ৰক্তেৰে ৰঞ্জিত  হৈ পৰে। ইতিহাস প্ৰসিদ্ধ থানখনত পুৱাৰ পৰাই নিৰবিছিন্ন ভাবে ঢোল ,খোল ,তাল , ঘণ্টা , শংখ আদি বাদ্যৰ  লোমহৰ্ষক চেওত  মুঠ ৪ গৰাকী  দেওলম্ভা মুনিহ ,তিৰোতাই  অবিৰাম দেউলগা নৃত্যৰে  দেৱীলৈ উৎসৰ্গিত  হাঁহ, ছাগলী  বলি দি ৰক্তপান কৰা দৃশ্য প্ৰত্যক্ষ কৰিবলৈ শাক্তধৰ্মী ভক্তগনৰ  সমাগম ঘটে। বিয়লি দেৱীলৈ বুলি থান পৰিচালনা সমিতিৰ পৰা সমজুৱা ভাবে উৎসৰ্গা কৰা এটা গুণা মহ বলি দি আই গোসাঁনীলৈ মহাষ্টমীৰ অন্তিম ৰক্ত প্ৰসাদ সভক্তিৰে আগবঢ়োৱা হয়। ইয়াৰ পাছতে নিশালৈ অব্যাহত থাকে দেৱী স্তুতি বন্দনা । ইপিনে মহকুমাটোৰ ঢকুৱাখনা আৰু ঘিলামৰাৰ অন্য ৪ খন দুৰ্গদেৱীৰ মূৰ্তি পূজাথলীটো  মহাষ্টমী পূজা ক`ভিড প্ৰটকল মানি  নিশা ৮ বজা লৈকে অব্যাহত থাকে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Comments (0)
Add Comment