৫১গৰাকী পুৰোহিতৰ মন্ত্ৰোচাৰণ,শংখধ্বনি,পুষ্পবৃষ্টিৰে আদৰণি জনোৱা হ’ব মুখ্যমন্ত্ৰীক

৫১গৰাকী পুৰোহিতৰ মন্ত্ৰোচাৰণ,শংখধ্বনি,পুষ্পবৃষ্টিৰে আদৰণি জনোৱা হ’ব মুখ্যমন্ত্ৰীক

৫১গৰাকী পুৰোহিতৰ মন্ত্ৰোচাৰণ,শংখধ্বনি,পুষ্পবৃষ্টি ১০ হাজাৰোধিক বন্তি প্ৰজ্বলনেৰে চতিয়া সমষ্টিলৈ মূুখ্যমন্ত্ৰীক আদৰাৰ বাবে দিনতেই নহয় নিশাও প্ৰস্তুতি চলাইছে সমষ্টিটোৰ উত্তৰাঞ্চলৰ ৰাইজে৷ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ পিছত প্ৰথমবাৰৰবাবে দিনজোৰা কাৰ্যসুচীৰে অহা ২ ছেপ্তেম্বৰত চতিয়া সমষ্টিত উপস্থিত হ’বহি মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷মুখ্যমন্ত্ৰীৰ আগমনক লৈ সেয়ে তীব্ৰ ব্যস্ততাই বিৰাজ কৰিছে সমষ্টিটোত৷কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসুচী লৈ উপস্থিত হ’ব লগা মুখ্যমন্ত্ৰীগৰাকীক গোৰ্খা অধ্যুষিত লোকৰ বসতিস্থল বালিজুৰি অঞ্চলতো স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী এইদৰে উপস্থিত হৈ ২ খনকৈ নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ,এটা বজাৰগৃহ আৰু ভিতৰুৱা অঞ্চলটিৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে ১৮ কি মি জুৰি নিৰ্মাণ হৈ উঠা পকী পথৰ মুকলিকে ধৰি কেবাটাও উন্নয়নমুলক কামৰ আধাৰশিলাও স্থাপন কৰিব মুখ্যমন্ত্ৰীয়ে৷সেয়ে পুৰুষ মহিলা সকলো কেৱল দিনতেই নহয় নিশাও এইদৰেই ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে৷বিশেষকৈ ৰাজ্যৰ মূখ্যমন্ত্ৰীগৰাকীয়ে গোৰ্খা সম্প্ৰদায়ৰ বিশেষ সমস্যা “ডি-ভোটাৰ,এনআৰচি আদি সমস্যাসমুহ সমাধানৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে মূখ্যমন্ত্ৰীক কৃতজ্ঞতা জনোৱাৰ লগতে মূখ্যমন্ত্ৰীগৰাকীৰ মঙ্গল কামনা কৰি এই কাৰ্যসুচীৰ প্ৰস্তুতি কৰিছে৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment