৫ কৃতি ছাত্ৰ- ছাত্ৰীৰ সফলতাৰ মন্ত্ৰ

৫ কৃতি ছাত্ৰ- ছাত্ৰীৰ সফলতাৰ মন্ত্ৰ

জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দেওনা বুলিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কথাকে বুজা যায়। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে। এই ফলাফলৰ প্ৰথম তিনিটা স্থান লাভ কৰিলে ৫ গৰাকী কৈ পৰীক্ষাৰ্থীয়ে। তেওঁলোক ক্ৰমে পাৰ্থ প্ৰতিম ভূঞা (প্ৰথম স্থান) জাতীয় বিদ্যালয় টিহুৰ পৰা, দ্বিতীয় স্থান লাভ কৰিছে তন্ময়ী হাজৰিকাই (BVFC Model High School) ৰাজন্যা কাশ্যপ গগৈ (Salt Brook School, Dibrugarh) ৰ পৰা আৰু নৰুল হক আলী (Raghunath Choudhury High School) ৰ পৰা আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰ্গৱ প্ৰতীম বৰাই, পিছলা নেচনেল একাডেমী, জৰাবাৰী লখিমপুৰৰৰ পৰা। এইখিনিতে সমূহ পৰীক্ষাৰ্থীকে nefocus.com ৰ ফালৰ পৰা জনাইছো বহু শুভকামনা। প্ৰথম তিনিটা স্থান লাভ কৰা পৰীক্ষাৰ্থীৰ মনৰ খবৰে প্ৰস্তুত কৰা হৈছে আজিৰ প্ৰতিবেদন।

IMG-20170531-WA0042

টিহুৰ পৰা প্ৰথম স্থান লাভ কৰিলে পাৰ্থ প্ৰতিম ভূঞাই তেওঁ সৰ্বমুঠ ৫৮৯ নম্বৰ লাভ কৰিছে। পাৰ্থ প্ৰতিম ভূঞাৰ মতে নিয়মিতভাবে অধ্যয়ন কৰিলে সকলোৱে ভাল ফল দেখুৱাব পাৰে। মই প্ৰথম ১০ টা স্থানত থাকিম বুলি ভাবিছিলো, কিন্তু প্ৰথম হ’ম বুলি ভবা নাছিলো, সেয়েহে আজি মই যথেষ্ট সুখী। ভবিষ্যতে IIT ত স্নাতক হোৱাৰ সপোন আছে।

IMG-20170531-WA0043

আনহাতে দ্বিতীয় স্থান প্ৰাপ্ত তন্ময়ী হাজৰিকাৰ মতে একাগ্ৰতা থাকিলে সফলতা লাভ কৰিব পাৰি। দিনটোৰ অধিকাংশ সময় অধ্যয়নত আত্মনিয়োগ কৰিছিলো। পৰীক্ষাৰ উত্তৰ বোৰ To The Point ত লিখিছিলো, পৰৱৰ্ত্তী সময়ত বিজ্ঞান শাখাত অধ্যয়ন কৰি মেডিকেল পঢ়াৰ ইচ্ছা আছে।

IMG-20170531-WA0044

আন এগৰাকী দ্বিতীয় স্থান পোৱা ছাত্ৰী ৰাজন্যা কাশ্যপ গগৈ। ৰাজন্যা কাশ্যপ গগৈৰ মতে সদায় Quality Study ক গুৰুত্ব দিছিলো Quantity ক নহয়। প্ৰথম তিনিটা স্থানত থাকিম বুলি ভাবিছিলো, কিয়নো যথেষ্ট কষ্ট কৰিছিলো। দৈনিক ১৭- ১৮ ঘণ্টা অধ্যয়ন কৰিছিলো। বিশেষকৈ পৰীক্ষাৰ ৩ মাহৰ আগত Revised কৰিছিলো। বৰ্ত্তমান Salt Brook ত বিজ্ঞান শাখাত নাম ভৰ্ত্তি কৰিম ভবিষ্যতে IIT অধ্যয়ন কৰা আশা পুঁহি ৰাখিছো।

আৰ্থিক দূৰ্বলতাক প্ৰত্যাহ্বান জনাই উজলি উঠিল মুকালমুৱাৰ নুৰুল হক আলীয়ে। খুৱেই অমায়িক আৰু মেধাৱী ছাত্ৰ হোৱা হেতুকে শিক্ষক সকলে ঘৰলৈ গৈও শিক্ষাদান কৰিছিল, যথেষ্ট উৎসাহ যোগাইছিল- এই মন্তব্য নুৰুল হক আলীৰ। বৰ্ত্তমান কটন কলেজত বিজ্ঞান শাখাত অধ্যয়ন কৰি ভবিষ্যতে এজন সুনাগৰিক হোৱাৰ ইচ্ছাৰ কথা জনায়। নুৰুলৰ মতে মুখস্থ বিদ্যা পৰিহাৰ কৰি বিষয়বস্তু বুজি লৈ সেইমতে উত্তৰ কৰিব লাগে। উল্লখযোগ্য যে এই ৩ গৰাকীৰ ছাত্ৰ- ছাত্ৰী সৰ্বমুঠ নম্বৰ আছিল ৫৮৮।

আনহাতে তৃতীয় স্থান লাভ কৰিলে ভাৰ্গৱ প্ৰতিম বৰাই। ভাৰ্গৱ প্ৰতিম বৰাৰ মতে- একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেই সফলতাৰ মুলমন্ত্ৰ। পৰীক্ষা বুলিলে প্ৰতিটো প্ৰশ্ন উত্তৰ বুজিলৈ লিখাৰ বাবে প্ৰস্তুতি চলাইছিলো। পৰৰ্ৱত্তী সময়ত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত অধ্যয়ন কৰিম। এয়া আছিল ৫ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীৰ মনৰ কথা। খবৰ খিনি যুগুত কৰাত সহযোগ কৰিলে টিহুৰ পৰা কৈলাস ডেকা, মুকালমুৱাৰ পৰা চেলিম মালিক, নামৰূপৰ পৰা দিপজ্যোতি গগৈয়ে ডিব্ৰুগড়ৰৰ পৰা দেৱজিত চুতিয়াই আৰু লখিমপুৰৰ পৰা কুশল শইকীয়াই।

Comments (1)
Add Comment
  • Uttam Chetri

    atai goraki loi suv kamna thakil