৭৩ বছৰীয়া পৰম্পৰা পালন কৰিছে এখন বিশেষ গাঁৱে

৭৩ বছৰীয়া বছৰীয়া পৰম্পৰা ৰক্ষা কৰি ডেৰ শতাধিক পৰিয়ালে ভাদ মাহত পাছিগাৱৰ পথাৰত নামিছে । উল্লেখযোগ্য যে ভাদ মাহত ৰুৱ লগীয়া গোৱালপৰীয়া শালি ধানৰ খেতি কৰাৰ বাবে সমীপৱৰ্তী অঞ্চলৰ ৰাইজে আৰম্ভ কৰিছে। কোনোৱে পথাৰত কঠিয়া তুলিছে, কোনোৱে কঠিয়াৰ ভাৰ দাঙিছে,কোনোৱে আলিপাৰ দিয়াৰ লগতে জাক জাক ৰোৱনীয়ে ভূই ৰুইছে। বহু বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এনেদৰে জামুগুৰিহাটৰ পাছিগাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি গাঁও খনৰ সমূহীয়া মাটিত খেতি কৰি আহিছে ।হালোৱাই হাল বাই উলিয়াই দিয়া মাটি দৰাত বিহু গীত গাই আনন্দ উল্লাসৰ মাজেৰেই ৰোৱনী সকলে ভূঁই ৰুই আনন্দ মনৰে নাচি বাগি কৃষি কৰ্মত মনোনিবেশ কৰাৰ পৰিলক্ষিত হৈছে। চিপচিপিয়া বৰষুণত তিতি ভাদ মাহৰ পথাৰত সমূহীয়া ভাৱে কৃষি কৰ্মত নমা এইসকল গঞাঁ ৰাইজৰ মাজত নাই কোনো কৃত্ৰিমতা।যিটো সময়ত আধুনিকতাৰ পৰশ পৰি আমাৰ গ্ৰাম্য সমাজৰ পৰা এনে কিছুমান সমূহীয়া প্ৰথা নাইকিয়া হ’বলৈ ধৰিছে সেই সময়তে জামুগুৰিহাটৰ এই সকল ৰাইজে নিজৰ ৭৩ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এইদৰে কৃষি কৰ্ম কৰা ব্যৱস্থাটো ইতিবাচক বুলি বিবেচিত হৈছে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment