৭ অক্টোবৰত চৰাইদেউ মৈদামত উপস্থিত হ’ব ইউনেস্কোৰ দল

কালিলৈ চৰাইদেউ মৈদামত উপস্থিত হ’ব ইউনেস্কোৰ বিশেষজ্ঞ প্ৰতিনিধিৰ দল। বিশেষজ্ঞ দলটোৱে মৈদামৰ ঐতিহাসিক গুৰুত্ব বিচাৰ কৰি প্ৰতিবেদন দাখিল কৰিব।এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়ে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি লাভ কৰিব।

ইউনেস্কো বিশেষজ্ঞ প্ৰতিনিধিৰ পদাপৰ্ণৰ প্ৰাকক্ষণত সফলতা কামনা কৰি শুক্র বাৰে মৈদামত ধৰ্মীয় পূজা অৰ্চনা সম্পন্ন কৰা হয়। চৰাইদেউ মৈদাম তৰ্পন সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত ধৰ্মীয় পূজা অৰ্চনা সম্পন্ন হয়।জানিব পৰা মতে মৈদাম ক্ষেত্ৰৰ লগতে থকা পুখুৰী,বিভিন্ন সমল,মৈদামসমূহৰ ঐতিহাসিক তথ্য,সমলৰ ওপৰত ভিত্তি কৰি বিশেষজ্ঞ কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব।

Comments (0)
Add Comment