দক্ষিণ আফ্ৰিকাৰ জাৰবান চহৰত অনুষ্ঠিত হ’ব নৱম বাৰ্ষিক কমন ৱেলথ কাৰাটে প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব অসমৰ পৰা যোৱা ৮ গৰাকীকৈ খেলুৱৈয়ে। তেওলোক হ’ল হেমফু বংজাং, মৃন্ময় দেউঘৰীয়া, পঞ্চিমিতা বৰদলৈ, মুগ্ধা বৰুৱা, গীতগুঞ্জন দাস, আকাংক্ষা কোৱৰ, ইমন গগৈ, নিষাদ আলি। উল্লেখযোগ্য যে ইমন গগৈ আৰু নিষাদ আলিয়ে চলিত বৰ্ষত জাপানৰ অকিনাৱাত অনুষ্ঠিত কেডেট জুনিয়ৰ এছিয়ান কাৰাটে প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। আনহাতে মুগ্ধা বৰুৱাই ২০১৫ বৰ্ষত নতুন দিল্লীত অনুষ্ঠিত কমন ৱেলথ প্ৰতিযোগিতাত সোণৰ পদক দখল কৰিছিল।
৮গৰাকী খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব
