ৰংপুৰত উদযাপিত হ’ল অসমৰ প্ৰথমখন All Assam Entrepreneurs Meet

সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰী মাতে

সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে।।

অলপতে অসমৰ কিছু সপোন পিয়াসী যুৱক যুৱতীৰ সমন্বয়ত যেন উদ্ভাসিত হ’ল ঐতিহাসিক ৰংপুৰ নগৰী । দেশ আৰু জাতিৰ অৰ্থনৈতিক উন্নতিৰ সপোন দেখা এই যুৱ শক্তি প্ৰথম বাৰৰ বাবে সমবেত হ’ল একেখন চাদৰ তলত। উদ্দেশ্য অসমৰ entrepreneur তথা startup সকলৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ ।



উদ্যমী যুৱক হিৰন্ময় গগৈৰ উদ্যোগত শিৱসাগৰত অনুষ্ঠিত হ’ল অসমৰ উদ্যমী সকলৰ প্ৰথমখন All Assam Entrepreneurs Meet। অসমৰ প্ৰতিখন ঠাইৰ পৰা অহা যুৱ উদ্যমী আৰু উদ্ভাৱক সকলৰ এই উৎসাহে আছিল চমকপ্ৰদ। বিশেষকৈ ধীৰেন ফুকন, ঋদ্ধিনীল ৰয়, শ্বেতা ৰাজ কাঁৱাৰ, ধ্ৰুৱ জ্যোতি কাকতী, স্বপ্ননীল তালুকদাৰ, সৌভিক ৰয় তথা হিৰণ্ময় গগৈৰ দ্বৰে ব্যক্তিত্বৰ উপস্থিতিয়ে যেন সোনত সুৱগা চৰাইছিল ।

অসমৰ চুকে কোনে নিৰৱে কাম কৰি থকা উদ্যমী সকলে সততে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান আৰু প্ৰতিকুলতা  আৰু এইসমূহ নিৰাময়ৰ বিষয়ে বিশদভাবে আলোচনা হয় এই সমাৰোহত। বিশেষকৈ উদ্যমশীলতাৰ এটা পৰিৱেশ সৃষ্টি তথা উদ্যমী সকলৰ বাবে পুঁজি গঠন প্ৰক্ৰিয়া সুচল কৰা ইত্যাদিবোৰ আছিল আলোচনাৰ মূল উপজীব্য I তদুপৰি  নিজ নিজ কৰ্মপৰিসৰৰ ভিতৰত সাফল্য লাভ কৰা কিছু উদ্যমীক এই অনুষ্ঠানটোতে সম্বৰ্ধনা জনোৱা হয় ।

অসমৰ উদ্যমী সকলৰ এই অসুবিধা সমূহ দূৰীকৰণৰ বাবেই সভাৰ সিদ্ধান্ত মৰ্মে ধীৰেন ফুকনক মুখ্য উপদেষ্টা, ধ্ৰুৱ জ্যোতি চুতীয়াক সভাপতি,ঋদ্ধিনীল ৰয়ক উপসভাপতি ,বন্তি বৰগোহাঁই ভুঁঞাক সম্পাদক তথা হিৰণ্ময় গগৈক মুখপত্ৰ হিচাবে লৈ গঠন কৰা হয় All Assam Entrepreneurs Association .

  আশাকৰোঁ নব গঠিত এই অনুষ্ঠানটোৱে অসমৰ উদ্যমী সকলৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হ’ব ।

লেখক: ধ্ৰুৱ জ্যোতি অৰ্জুনা

 

Comments (1)
Add Comment
  • simanta borah

    Can i join