ৰঙালীয়ে আনিছে ৰঙৰ বতৰা

ৰঙালীয়ে আনিছে ৰঙৰ বতৰা

IMG-20170205-WA0024

বৰ অসম! বৰ অসমৰ বৰভেটি খহনীয়া হোৱা সময়তে একতা আৰু ভাতৃত্ববোধৰ উদ্দেশ্যে আৰু পৰ্যটন বিকাশৰ অৰ্থে খানাপাৰাত আয়োজিত হৈছে ৰঙালী শীৰ্ষক এক উৎসৱৰ। উল্লেখযোগ্য যে এই ৰঙালীত সমগ্ৰ অসমৰ জাতি জনজাতীয় যেনে মিচিং, কাৰ্বি, বড়ো, গোৱালপাৰাৰ দেশী সম্প্ৰদায়ৰ জীৱন প্ৰণালী, খাদ্য সম্ভাৰ, সাজ পোচাক সকলো খিনি প্ৰদৰ্শিত হৈছে। স্থানীয় উদ্যমীৰ লগতে কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰী প্ৰদৰ্শন কৰিছে। ইয়াৰ লগত সংগতি ৰাখি পৰম্পৰাগত খেলৰ লগতে দুঃসাহসিক ক্ৰীড়াও অনুষ্ঠিত হৈছে। প্ৰথমবাৰৰ বাবে অসমীয়া নিৰামিষ আৰু আমিষ, মিঠা আহাৰৰ প্ৰতিযোগিতা প্ৰিয়বন্ধুৱে অনুষ্ঠিত কৰিছে। স্মতৰ্ব্য যে এই ৰঙালী উৎসৱ আজি অন্ত পৰিব। নৈশভাগত বিভিন্ন শিল্পী অনুষ্ঠান পৰিৱেশিত হ’ব।

IMG-20170205-WA0022

IMG-20170205-WA0025

Comments (0)
Add Comment