ৰঙিয়াৰ বৰমুৰাত ২১ সংখ্যক মাঘী পুৰ্ণিমা তিথি উদযাপন

ৰঙিয়াৰ বৰমুৰাত পৰম্পৰাগত ভাবে উদযাপন কৰি অহা মাঘী পূৰ্ণিমাৰ ২১ সংখ্যক বৰ্ষৰ বিস্তৃত কাৰ্যসূচী আজি অনুষ্ঠিত কৰা হৈছে ।স্থানীয় খানাপাৰা চুবুৰীত তদুপলক্ষে আয়োজন কৰা কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত গাও উন্নয়ন সমিতিৰ পতাকা উত্তোলন,ধৰ্মধ্বজা উত্তোলন ,প্ৰাগজ্যোতি সংঘৰ পতাকা,বাৰ্ষিক পতাকা উত্তোলন কৰা হয় ।ইয়াৰ পিছতে স্মৃতি তৰ্পণ ,গছপুলি ৰোপণ ,মুখ্য দ্বাৰ উন্মোচনৰ লগতে মদ্ভাগৱত লৈ পৰি ভ্ৰমণ কৰা হয়। পৰি ভ্ৰমণ কালত হৰি নাম বন্দনাৰ সমান্তৰালভাৱে অনুষ্ঠিত কৰা ভাগৱত পাঠৰ ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল।সন্ধিয়া চুবুৰীৰ প্ৰতিঘৰৰ সন্মুখত বন্তি প্ৰজ্বলনৰ লগতে আমন্ত্ৰিত অতিথিৰ বন্তি প্ৰজ্বলন আৰু সম্বৰ্দ্ধনা অনুষ্ঠান ৰূপায়ণ কৰা হব।নিশাৰ ভাগত নাগাৰা নাম পৰিৱেশন তথা অসম সংগীতেৰে অনুষ্ঠানৰ পৰিসমাপ্তি ঘটিব বুলি সদৰী কৰে উদ্যোক্তা সমিতিৰ বিষয়ববীয়াই।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Comments (0)
Add Comment