ৰঙিয়া মহকুমাৰ কেবাখনো নদীৰ জলস্তৰ বৃদ্ধি

বিগত কিছুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ৰঙিয়া মহকুমাৰ কেবাখন নদীৰে জলস্তৰ বৃদ্ধি পাইছে। বৰলীয়া আৰু নোনা বিপদসীমাৰ ওপৰত বৈ থকাৰ বিপৰীতে পুঠিমাৰীৰ জলপৃষ্ঠ এতিয়াও বিপদসীমাৰ সামান্য তলত আছে। সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে মহকুমা প্ৰশাসন সষ্টম হৈ আছে। ধাৰাষাৰ বৰষুণকো নেওচি প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলে দূপৰ নিশাও মথাউৰিসমূহৰ বিপদসংকুল অংশসমূহৰ নিৰীক্ষণ আৰু তদাৰকীৰ কাম অব্যাহত ৰাখিছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Comments (0)
Add Comment