ৰঙিয়াৰ বিশিষ্ট চিত্ৰশিল্পী শম্ভু লালক সম্বৰ্দ্ধনা ৰণ্‌দিয়া (শতদল) সাহিত্য সভাৰ

ৰঙিয়াৰ “ৰণ্‌দিয়া (শতদল) সাহিত্য সভা”ই আজি বিশিষ্ট চিত্ৰশিল্পী শম্ভু লালক তেখেতৰ ষ্টেচনৰোডস্থিত চিত্ৰশিল্প প্ৰতিষ্ঠান শম্ভুআৰ্টত সম্বৰ্দ্ধনা জনায় ৷ উল্লেখযোগ্য যে পহিলা বহাগৰ দিনা প্ৰতিমাহৰ দৰে ” মাহটোৰ বিশিষ্ট অতিথিৰ লগত অন্তৰঙ্গ অনুষ্ঠান আৰু সাহিত্য সভাৰ নিজৰ দিন পালন কৰি বৃহত্তৰ ৰঙিয়াৰ আন আঠজন বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনাইছিল “ৰণ্‌দিয়া (শতদল) সাহিত্য সভাই আৰু সিদিনা শম্ভু লালদেৱৰ আত্মীয়ৰ আকস্মিক বিয়োগ হোৱা বাবে তেখেতে সম্বৰ্দ্ধনা গ্ৰহণ কৰিব পৰা নাছিল ৷ সেয়েহে আজি তেখেতক ৰণ্‌দিয়া সাহিত্য সভাই তেখেতৰ প্ৰতিষ্ঠানত গৈ সম্বৰ্দ্ধনা জনায় ৷ ৰণ্‌দিয়া (শতদল) সাহিত্য সভা”ৰ সম্পাদক হেমন্ত কলিতাই আঁত ধৰা এই সম্বৰ্দ্ধনা অনুষ্ঠানটিত অংশগ্ৰহণ কৰে উপ-সভাপতি জয়ন্তজিত কলিতা , আজীৱন সভ্য ৰঞ্জন উপাধ্যায় , তাপস সমাদ্দাৰ , ফাৰুক হুছেইন, চৈয়দ মোস্তাফা আহমেদ আৰু নিষ্ঠা কলিতাই ৷সম্বৰ্দ্ধনা গ্ৰহণ কৰি চিত্ৰশিল্পী শম্ভু লালে কয় যে কোনো চিত্ৰকল্পৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ পিতৃৰ পদাংক অনুসৰণ কৰিয়ে শৈশৱৰ পৰা তেখেতে ছৱি অংকন কৰি আহিছে ৷ তেখেতৰ ছৱিত উদ্বোদ্ধ হৈ যদি নৱ প্ৰজন্মৰ চিত্ৰশিল্পীসকলে অলপ কিবা হ’লেও শিকে , সেইয়াই হ’ব পুৰস্কাৰ আৰু তেখেতৰ প্ৰাপ্তি ৷ ৰণ্‌দিয়া সাহিত্য সভাৰ পদক্ষেপত অভিভূত হৈ তেখেতে সভ্যসকলক কৃতজ্ঞতা জনায়৷

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Comments (0)
Add Comment