ৰাইজৰ মাজত অংগদানৰ সজাগতাৰ বাবে ১৭৫ চি আৰ পি এফৰ চাইকেল ৰেলী

অংগদান মহান দান আৰু এজন লোকৰ অংগদানে আন এজন লোকৰ জীৱন বচাব পাৰে এই বাণীৰে ১৭৫ চি আৰ পি এফ বেটেলিয়ানে তেওঁলোকৰ মুখ্য কাৰ্যালয় ৰাণীকে ধৰি কাষৰীয়া অঞ্চলৰ ৰাইজৰ মাজত আৰম্ভ কৰিছে এক বিশেষ সজাগতা অভিযান ।এই উপলক্ষে ১৭৫ চি আৰ পি এফৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত ২৬ আৰু ২৭ নৱেম্বৰত বৃহত্তৰ ৰাণী অঞ্চলত এক চাইকেল ৰেলী উলিওৱা হয়।ৰেলীত বাহিনীটোৰ উপ কমাণ্ডাৰ আব্দুল ৰহিম ,ডা০অনিল কুমাৰ ঠাকুৰকে ধৰি কেবাজনো বিষয়া-জোৱানে ভাগ লয়।
 
 
এই সন্দৰ্ভত কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই কয় বহু সময়ত দেখা যায় অংগদানৰ সজাগতাৰ অভাৱৰ বাবে একোজন লোক চিকিৎসাধীন অৱস্থাত তিলতিলকৈ মৃত্যুৰ মুখলৈ গতি কৰে । অথচ দুৰ্ঘটনা বা স্বাভাৱিক কাৰণত মৃত্যু হোৱা এজন লোকৰ পৰিয়ালেও মৃত লোকজনৰ বিভিন্ন অংগদান কৰি কেবাজনো মৃত্যুমুখী লোকৰ জীৱন ৰক্ষা কৰিব পাৰে।

Comments (0)
Add Comment