ৰাজধানীৰ কেৱ চালকৰ কন্যা অৰ্পিতা  উজ্বলিল মেধাত্বৰে

গুৱাহাটী মহানগৰৰ এগৰাকী মিষ্টভাষী ,সৰলমনা , সদা হাস্য মুখী কেব চালক  । সম্প্ৰতিক সময়ৰ কাব্য সাহিত্য ক্ষেত্ৰখনৰো  এক উজ্জ্বল জ্যোতিষ্ক হিচাপে  পৰিচিত যুৱকজন । নাম প্ৰাঞ্জল গোঁহাই । ঘৰ ঢকুৱাখনাত ।প্ৰাত্যহিক জীৱনৰ সীমাহীন ঘাট প্ৰতিঘাট ,অভাৱ সমস্যাত জুৰুলা হৈ নিজস্ব  অসাধাৰণ নাট্য প্ৰতিভাক জলাঞ্জলি দি সততাৰ জীৱন জীৱিকাৰ সন্ধানত আজিৰ পৰা প্ৰায় ১০ বছৰৰ পূৰ্বে উপস্থিত হৈছিল ৰাজধানী চহৰ গুৱাহাটীত । দাৰিদ্ৰতাই কোঙা কৰাৰ পাছতো প্ৰচণ্ড আত্মবিশ্বাসী এইগৰাকী প্ৰত্যয়ী যুৱকে আত্মনির্ভরশীলতাৰ সংগী হিচাপে বাছি লৈছিল ‘কেব’ চালকৰ বৃত্তি ।  বিগত প্ৰায় দশক ধৰি এই  বৃত্তিৰে নিজৰ লগতে পৰিয়ালৰ ক্ষুধা পুৰাই অহা এইগৰাকী   স্বাভিমানী যুৱকৰ  কন্যা অৰ্পিতা গোঁহাইয়ে  সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত  পৰীক্ষাত  মুঠ ৬ টা বিষয়ত লেটাৰ নম্বৰ সহ সৰ্বমুঠ ৪৪১ নম্বৰ লাভ কৰি  “দৃষ্টিংচন” সহ কৃতিত্বৰে উত্তীৰ্ণ হৈছে । অভিভাৱকত্বৰ গধুৰ দায়িত্বৰ সামান্যতমো  ক্ৰুটি নকৰি  অক্লান্ত শ্ৰম আৰু দিনে নিশাই গাড়ী চলাই কন্যা অৰ্পিতা গোঁহাইক ডিব্ৰুগড়ৰ ডঃ ৰাধাকৃষ্ণন  আৰ্টছ কমাৰ্চ এণ্ড চায়েন্স কনিষ্ঠ  মহাবিদ্যালয়ৰ উচ্চ মাধ্যমিক কলা শাখাত নামভৰ্তি কৰি দিছিল পিতৃ  প্ৰাঞ্জল গোঁহায়ে । সোমবাৰে ঘোষণা কৰা এই চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি অৰ্পিতাই ইংৰাজী বিষয়ত ৮৩ , ঐচ্ছিক ইংৰাজী  বিষয়ত ৮৯ , ৰাজনীতি বিজ্ঞান বিষয়ত ৮৩ , সমাজ শাস্ত্ৰ বিষয়ত ৮৯ , মনোশাস্ত্ৰ বিষয়ত ৯৩ আৰু শিক্ষাতত্ব বিষয়ত ৮৬ নম্বৰ লাভ কৰি কেউটা বিষয়ত লেটাৰ নম্বৰ অর্জন কৰিবলৈ সক্ষম হৈছে। ভৱিষ্যতে মনোশাস্ত্ৰ বিষয়ত স্নাতক শিক্ষা গ্ৰহণৰ হেঁপাহ পুহি ৰখা কৃতিমান ছাত্ৰী অৰ্পিতাৰ এই স্বপ্ন বাস্তৱায়িত কৰাৰ বাবে মন বান্ধিছে বুলি  পিতৃ প্ৰাঞ্জল গোঁহায়ে  জানিবলৈ দিলে । কটন মহাবিদ্যালয়ত মনো শাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে  ইচ্ছুক অৰ্পিতাৰ সপোন বাস্তৱায়িত কৰিবলৈ বদ্ধপৰিকৰ পিতৃ প্ৰাঞ্জল গোঁহাই ।  কন্যাৰ ইস্পিত ফলাফলত আত্মতুষ্টি লাভ কৰা বুলি কৈ কষ্টসহিষ্ণু প্ৰাঞ্জল গোঁহাইয়ে গভীৰ প্ৰত্যয়েৰে  কলে  “সাম্প্ৰতিক সময় এনে বৃত্তিধাৰী সকলৰ বাবে প্ৰচণ্ড প্ৰত্যাহ্বানৰ সময় । হলেও অধিক আত্মোৎসৰ্গাৰে বৃত্তিত জড়িত হম আৰু  কন্যাক এগৰাকী উৎকৃষ্ট মানৱ সম্পদ হিচাবে গঢ়ি তোলাত মনোনিবেশ কৰিম । পিতৃৰ নিৰন্তৰ শ্ৰম আৰু  কষ্ট সহিষ্ণুতাৰ ক্ষুদ্ৰতম হলেও  প্ৰতিদান  দিবলৈ সক্ষম হোৱা মেধাবী ছাত্ৰী অৰ্পিতাৰ এনে সফলতাত গুণমুগ্ধ ৰাইজে  ভূয়সী প্ৰশংসা কৰিছে আৰু সমুজ্জ্বল ভৱিষ্যত কামনা কৰি অভিনন্দন জনাইছে।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment