ৰাজ্যত শীঘ্ৰে আধাৰ কাৰ্ড ব্যৱস্থা

ৰাজ্যত শীঘ্ৰে আধাৰ কাৰ্ড ব্যৱস্থা

aadhar-card

বৰ্ত্তমান সময়ত সমগ্ৰ ৰাজ্যত চৰ্চিত অন্যতম প্ৰসংগ হ’ল আধাৰ কাৰ্ড। কিয়নো এন আৰ চি ৰ (NRC) নিচিনাকৈ আধাৰ কাৰ্ড প্ৰত্যেকৰে বাবে অনিবাৰ্য হৈ পৰিছে। জানিব পৰা মতে আধাৰ কাৰ্ডৰ কাম অহা ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব। এন আৰ চি ৰ সেৱা কেন্দ্ৰৰ নিচিনাকৈ আধাৰ কাৰ্ডৰো সেৱা কেন্দ্ৰ থাকিব। প্ৰাপ্ত তথ্য মতে কামৰূপ জিলাৰ ২৮টা সেৱা কেন্দ্ৰ থাকিব। ২১৬ টা ডাকঘৰত আধাৰ কাৰ্ড উপলব্ধ হ’ব। যিকোনো বৈধ পৰিচয় পত্ৰৰ গৰাকীয়ে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰি। এই কথা প্ৰকাশ কৰিছে কামৰূপ জিলা উপায়ুক্ত এম অংগমাথুৱে।

Comments (0)
Add Comment