ৰাণীত চি আৰ পি এফৰ আন্তঃ বেটেলিয়ান ভলীবল প্ৰতিযোগিতাত ১০ বেটেলিয়ান বিজয়ী

চি আৰ পি এফৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত কাৰ্যালয় চৌহদত যোৱা ২৩ ডিচেম্বৰৰ অনুষ্ঠিত আন্তঃ বেটেলিয়ান ভলীবল প্ৰতিযোগিতাৰ ২৫ ডিচেম্বৰত সামৰণি পৰে। প্ৰতিযোগিতাত শ্বিলংস্থিত উত্তৰ পূব মণ্ডলৰ অধীনৰ মুঠ ১৩ টা বেটেলিয়ানে উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে। আনহাতে নক আউট পদ্ধতিত আয়োজিত প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন আজি ১০ আৰু ১৩৬ বেটেলিয়ানৰ মাজত অনুষ্ঠিত হয়। খেলখনত ১০ বেটেলিয়ানে ১৩৬ বেটেলিয়ানক হৰুৱাই চূড়ান্ত বিজয়ী দলৰ খিতাপ দখল কৰে। আনহাতে প্ৰতিযোগিতাৰ অন্তত বিজয়ী আৰু ৰানাৰ্ছ আপ দলক বঁটা সমূহ প্ৰদান কৰে ১৭৫ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই। অনুষ্ঠানত ডেপুটী কমাণ্ডেণ্ট আব্দুল ৰহিম, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰ, সহকাৰী কমাণ্ডেণ্ট হিমাঞ্চল প্ৰসাদ চৌধুৰীকে ধৰি বাহিনীটোৰ কেবাজনো বিষয়া উপস্থিত থাকে।
বাতৰি যুগুতালে জিতুমণি দাসে

Comments (0)
Add Comment