ৰাষ্ট্ৰীয় পেৰা বেডমিণ্টনত চিৰঞ্জীতাৰ ৰূপৰ পদকৰে উজ্বলিল অসম

ৰাষ্ট্ৰীয় পেৰা বেডমিণ্টনত চিৰঞ্জীতাৰ ৰূপৰ পদকৰে উজ্বলিল অসম

কায়িক বাধাগ্ৰস্ততা যে ইস্পিত সাফল্য  অর্জনত ক্ষণিকৰ বাবেও প্ৰতিবন্ধক হ`ব নোৱাৰে তাক ধাৰাবাহিক ভাবে প্ৰমাণিত কৰি আহিছে ঢকুৱাখনাৰ  এগৰাকী প্ৰতিভাসম্পন্ন খেলুৱৈয়ে। বিশেষ ভাবে সক্ষমতাকো নেওচি নিৰলস আৰু নিৰন্তৰ অনুশীলনৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্রেষ্ঠত্বৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে ঢকুৱাখনাৰ এগৰাকী প্ৰচুৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈয়ে। কোনো ধৰণৰ চৰকাৰী সাহায্য কিম্বা সা সুবিধা লাভ নকৰাকৈ নিজস্ব সাধনাৰ বাবেই ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতাত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদকেৰে উদ্ভাসিত হ`বলৈ সক্ষম হৈছে ঢকুৱাখনাৰ কৃতিমান বেডমিণ্টন খেলুৱৈয়ে। উৰিষ্যাৰ ৰাজধানী চহৰ ভুৱনেশ্বৰত যোৱা ৪ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰ পৰ্যন্ত অনুষ্ঠিত  চতুৰ্দশ ৰাষ্ট্ৰীয় পেৰা বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২১ প্ৰতিযোগিতাত অসম দলৰ পৰা প্ৰতিনিধিত্ব কৰি দ্বিতীয় শ্রেষ্ঠত্বৰ স্থান লাভ কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে চিৰঞ্জীতা ভৰালীয়ে।পেৰালিম্পিক এছোচিয়েচন অব আছামৰ হৈ  ৰাষ্ট্ৰীয় পেৰা বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২১ ত ভাগ ল`বলৈ  অসমৰ পৰা ৰাওনা হোৱা মুঠ ৬ গৰাকী  খেলুৱৈৰ ভিতৰত একমাত্ৰ চিৰঞ্জীতা ভৰালীয়ে কালি অনুষ্ঠিত চূড়ান্ত খেলত  হাৰিয়ানাৰ প্ৰতিদ্বন্দীৰ হাতত  পৰাস্ত হৈ  ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে।  ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰখনক ৰাষ্ট্ৰীয় পৰ্যায়ত সমুজ্জ্বল কৰি তুলিবলৈ সক্ষম হোৱা উদীয়মান যুৱ ক্ৰীড়াবিদ গৰাকীৰ এনে সাফল্যত অভিনন্দন জ্ঞাপন কৰিছে পেৰালিম্পিক এছোচিয়েচন অব আছাম আৰু ঢকুৱাখনাৰ  ক্ৰীড়া প্ৰেমী ৰাইজ সংগঠনে।শাৰীৰিক ভাৱে  বাধাগ্ৰত তথা বিশেষভাৱে সক্ষম হৈয়ো নিজস্ব কঠোৰ অনুশীলন আৰু ঐকান্তিক প্ৰচেষ্টাৰ ফলত ইতিমধ্যে ৰাষ্ট্ৰীয়  পৰ্যায়ত প্ৰায় ১৬ টাকৈ স্বৰ্ণ ,ৰূপ আৰু ব্ৰঞ্জৰ পদক  লাভ কৰিবলৈ সক্ষম হোৱা ঢকুৱাখনা নগৰৰ আলোক নগৰৰ নিবাসী  ক্ৰীড়াবিদ তিলক ভৰালী আৰু দীপ্তি কলিতা ভৰালীৰ কনিষ্ঠা কন্যা চিৰঞ্জীতাই ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰিও আশাহত হোৱা বুলি জানিবলৈ দিয়ে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment