ৰাষ্ট্ৰীয় পোষন মাহ উদযাপন

ৰাষ্ট্ৰীয় পোষন মাহ উদযাপন

প্ৰয়োজনীয় পুুষ্টি  যোগানেৰে শিশুৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে কালিৰে পৰা মাহেকজোৰা কাৰ্য্যসূচী আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পোষন মাহ,এই উপলক্ষে কালি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ পৰা এক চাইকেল ৰেলী উলিয়াই । শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত উলিওৱা এই চাইকেল ৰেলী শুভাৰম্ভ কৰে জিলা উন্নয়ন আয়ুক্ত জোনমণি সোনোৱালে। ৰেলীৰ শুভাৰম্ভ কৰি জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে এই পদক্ষেপৰ দ্বাৰা শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় পুষ্টি যোগানৰ প্ৰতি ৰাইজৰ মাজত সজাগতা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে এই উদ্যোগে পুষ্টিহীনতা দূৰীকৰণত ইতিবাচক প্ৰভাৱ পেলাব বুলি মন্তব্য ৰাখে। তেওঁ লগতে পোষন মাহ উপলক্ষে পালন কৰিবলগীয়া সকলো কাৰ্যসূচীৰ পূৰ্ণ সফলতা কামনা কৰে।এই ৰেলীত প্ৰায় ২৫ খন চাইকেল আৰু বাইকেৰে অংশগ্ৰহণকাৰীয়ে যোগদান কৰে ।

 

Comments (0)
Add Comment