ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা অসমৰ বিজ্ঞানীলৈ

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা অসমৰ বিজ্ঞানীলৈ

IMG-20170724-WA0026

পেলনীয়া জাৱৰ জোঁথৰৰ পৰা সম্পদ আহৰণ কৰিব পাৰি। কথাষাৰ শুনাত অলপ আচহুৱা যেন লাগিলেও কথাষাৰৰ সত্যতা প্ৰমাণ কৰি দেখুৱাইছে এগৰাকী পৰিবেশ বিজ্ঞানীয়ে।

IMG-20170724-WA0022

 মহানগৰীৰ হাতীগাওঁৰ নিবাসী অমৰ জ্যোতি কাশ্যপ নামৰ ব্যক্তিজন স্ব- উদ্ভাৱন বলত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এক সন্মান আঁজুৰি আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে অমৰ জ্যোতি কাশ্যপে যোৱা ২০ জুলাইত পানী আৰু অনাময় শিতানত ১০০ টা উদ্ভাৱনক চেৰ পেলাই শ্ৰেষ্ঠ সন্মান বুটলি আনিবলৈ সক্ষম হৈছে। তেখেতে উদ্ভাৱন কৰা Waste Assimilator ৰ জৰিয়তে এজন ব্যক্তিয়ে স্বাৱলম্বীতাৰ দিশে অগ্ৰসৰ হ’ব পাৰে।

IMG-20170724-WA0025

কাশ্যপে এই সম্পৰ্কে nefocus.com ক এনেদৰে মন্তব্য কৰে … ২০০৪ চনৰ পৰা Environ নামৰ এটা সংস্থা জন্ম দিওঁ। আমাৰ সংস্থাটোৰ জৰিয়তে পৰিবেশ ব্যৱস্থাপনাৰ যোগেদি কিদৰে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হ’ব পাৰি সেই সম্পৰ্কে সজাগতা অনাৰ প্ৰয়াস কৰা হয়। জাৱৰ জোঁথৰৰ পৰা সাৰ প্ৰস্তুত কৰি অথবা সেই সাৰেদি কীট পতংগ ধবংস কৰা আদিবোৰ উদ্ভাৱনী আহিলাৰ দ্বাৰা হয়।

স্মতৰ্ব্য যে তেখেতৰ এনে উদ্ভাৱনৰ স্বীকৃতি হিচাপে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ ফালৰ পৰা মিলেনিয়াম এলায়েন্স বঁটাৰে সন্মানিত কৰে আৰু ৩০ লাখ টকা সংস্থাটোলৈ অনুদান প্ৰদান কৰে। অনাগত দিনত পৰিবেশ গৱেষণা কেন্দ্ৰ স্থাপনৰ আশা পুঁহি ৰাখিছে। 

এইজনা অসম গৌৰৱক আমি জনাইছোঁ এই শুভক্ষণত বহু শুভকামনা।

Comments (1)
Add Comment
  • উদিত ফুকন ।

    খুব সুন্দৰ । আশা কৰোঁ তেখেতৰ গৱেষণা কেন্দ্ৰটো সোনকালে আগবাঢ়ি যাওঁক ।