ৰাষ্ট্ৰীয় ভোটাদান দিৱস উদযাপন

আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস।মূলত নৱপ্ৰজন্মৰ ভোটাৰ সকলক আকৃষ্ট কৰা আৰু জনসজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে এই দিৱস উদযাপিত হয়।এই দিৱস উপলক্ষে কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আজি নেডফি হাউচত এক অনুষ্ঠান অনুষ্ঠিত হয়।ভোটাৰ দিৱসৰ এক অনুষ্ঠানত উপস্থিত থাকি অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে কয় যে দেশৰ ৮. ৫০ মিলিয়ন জনগণে প্ৰতিবছৰে ভোটাধিকাৰ সাব্যস্ত কৰে।প্ৰাপ্তবয়স্ক জনে ভোটাধিকাৰ সাব্যস্ত কৰাটো এক অধিকাৰ ।এই দিৱস পালনৰ যোগেদি জনসাধাৰণক সজাগ কৰা হয়।অনুষ্ঠানত উপস্থিত থাকি মুখ্য সচিব অশোক কুমাৰে ভোটদানৰ গুৰুত্ব আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ সম্পৰ্কে মত প্ৰকাশ কৰে।উল্লেখযোগ্য যে No voter to left behind শীৰ্ষক মূলমন্ত্ৰৰে ভোটাৰ দিৱস উদযাপিত হৈছে ।অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয় পৰ্য্যায়ত পোষ্টাৰ, বক্তৃতা, কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু বিজয়ী প্ৰতিযোগী সকলক সম্বৰ্দ্ধনা জনায়।অনুষ্ঠানত কামৰূপ জিলাৰ প্ৰশাসনৰ বিষয়াৰ লগতে বহুকেইজন ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment