ৰাষ্ট্ৰীয় সংখ্যলঘু আয়োগৰ সদস্য কুমাৰী চৈয়দ শ্বাহজাদিৰ অসম ভ্ৰমণ

ৰাষ্ট্ৰীয় সংখ্যলঘু আয়োগৰ সদস্য কুমাৰী চৈয়দ শ্বাহজাদিৰ অসম ভ্ৰমণ

ভাৰত চৰকাৰৰ ৰাষ্ট্রীয় সংখ্যালঘু আয়োগৰ সদস্য কুমাৰী চৈয়দ শ্বাহজাদিয়ে চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে অসম ভ্ৰমণলৈ আহে । অহা ৩১ আগষ্টলৈ অসমত থকা সময়চোৱাত আয়োগৰ সদস্য শ্বাহজাদিয়ে ৰাজ্যৰ বিভিন্ন সংখ্যালঘু অধ্যূক্ষিত অঞ্চলত বসবাস কৰা ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লব । তেনেদৰে সংখ্যালঘু লোকৰ কল্যাণ – উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীৰ ১৫ দফীয়া আঁচনি যথাযথ ভাবে ৰূপায়িত হৈছে নে নাই তাৰ পৰ্যবেক্ষণ – পৰ্যালোচনা কৰিব । ইয়াৰ উপৰিও সংখ্যালঘু লোকসকলৰ শিক্ষা , আৰ্থ সামাজিক স্থিতিৰ বুজ লোৱাৰ লগতে সংলিষ্ট বিষয়াৰ সৈতে আলোচনা কৰি তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আলোচনা কৰিব।

Comments (0)
Add Comment