ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন

ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱৰ কালি দিনৰ ১২ বজাত মাঙ্গলিক কাৰ্যসূচীৰে ৭৩ তম্ ৰাস মহোৎসৱৰ আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰে। লাইখুটা স্থাপন অনুষ্ঠানত মহোৎসৱৰ বিষয়ববীয়াসকলৰ লগতে অঞ্চলটোৰ বিশিষ্ট লোকসকল উপস্থিত থাকে‌। অহা ১২ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ এঘাৰ দিন ধৰি চলিবলগিয়া ৰাস মহোৎসৱৰ এইবেলি প্ৰায় ৪৫ লাখ টকা ব্যয় সাপেক্ষে বিভিন্ন কাৰিকৰী দিশ তথা আলোকসজ্জাৰ ন ন চমকেৰে ভক্তপ্ৰাণ লোকক আকৰ্ষিত কৰিব পৰাকৈ ৰাসক্ষেত্ৰ সজোৱা হ’ব বুলি জানিবলৈ দিয়ে মহোৎসৱৰ সভাপতি অনিল কলিতাই। উল্লেখ্য যে, যোৱা ১৮ আগষ্টত অনুষ্ঠিত হৈ যোৱা সাধাৰণ সভাত অনিল কলিতাক সভাপতি, ৰবিন্দ্ৰ কুমাৰ দাসক কাৰ্যকৰী সভাপতি, বলেন কলিতা আৰু জীতেন কলিতাক উপ-সভাপতিদ্বয়, মণিময় কৰ আৰু দেৱজিৎ দাসক সাধাৰণ সম্পাদকদ্বয়, দীপেন দাস, অৰূপ দাস আৰু মুনীন্দ্ৰ কলিতাক সহ-সাধাৰণ সম্পাদকত্ৰয়, বিপুল দাসক কোষাধ্যক্ষ হিচাপে লৈ মুঠ ৪৩ জনীয়া এখন ৰাস মহোৎসৱ সমিতি গঠন কৰা হয়। ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ “ৰাসক্ৰীড়া”ৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে কমল কুমাৰ আৰু দেৱব্ৰত দাসে। এঘাৰ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ৰাস মহোৎসৱখনি সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যৰে দিনে-নিশাই সকলো দিশত কাম কৰি আছে বুলি উদ্যোক্তাসকলে জনাইছে।

Comments (0)
Add Comment