ৰিক্সা চলাইয়ে প্ৰতিষ্ঠা কৰিলে বহুকেইখন স্কুল

ৰিক্সা চলাইয়ে প্ৰতিষ্ঠা কৰিলে বহুকেইখন স্কুল

WhatsApp Image 2018-03-16 at 6.24.25 PMমহানতা, পৰোপকাৰী গুণেৰে এজন ব্যক্তিক কিদৰে উচ্চ আসনত অধিষ্ঠিত কৰিব পাৰে তাৰ উদাহৰণ আপুনি সদায় দেখিয়ে থাকে।আজি এনে এজন ব্যক্তিৰ বিষয়ে জনাবলৈ লৈছো, তেখেতে ৰিক্সা চলাইয়ে প্ৰতিষ্ঠা কৰিছে ৯ খনকৈ স্কুল। শুনাত আচহুৱা যেন লাগিলেও কৰিমগঞ্জ জিলা ভুৰুংগা পঞ্চায়তৰ আলি আহমেদ নামৰ ব্যক্তিজনে এনে মহৎ প্ৰচেষ্টাত ব্ৰতী হৈছে। এই সম্পৰ্কে আলী আহমেদ Nefocus.com ক এনেদৰে কয় – মই ১৪ বছৰে ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰিছিলো। আমাৰ অঞ্চলৰ ল’ৰা-ছোৱালী বিলাকে শিক্ষানুষ্ঠানৰ বাবে বহুতো হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছিল। বাট কুৰি বায় বিভিন্ন ঠাইলৈ যেতিয়া শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল। বহুতো অসুবিধাৰ সন্মুখীন হৈছিল। সেয়েহে অঞ্চলটোৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি ৩২ বিঘা মাটিত স্কুল প্ৰতিষ্ঠাৰ বাবে দান কৰিছো। মোৰ স্কুলত পঢ়া ছাত্ৰ- ছাত্ৰী এতিয়া ডাক্তৰ, ইঞ্জিনিয়াৰ। সেয়েহে মই অত্যন্ত সুখী। উল্লেখযোগ্য যে আলী  আহমেদৰ বয়স বৰ্ত্তমান ৮০ বছৰ। তেখেতে এই বয়সতো আৰু এখন স্কুল নকৈ প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা আছে। নিস্বাৰ্থ ভাৱে সমাজলৈ সেৱা আগবঢ়োৱা আলী আহমেদক Nefocus.comৰ পৰা জনাইছো বহু অভিনন্দন।

Comments (0)
Add Comment