ৰূপহীহাট সমষ্টিৰ জুৰীয়া কলেজত ৭০ জনীয়া বিছনাযুক্ত ক’ভিড চেন্টাৰৰ ব্যৱস্থাৰ বুজ লোৱাৰ বাবে জুৰীয়া কলেজত উপস্থিতত হয় ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা ৷ বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰকাশ কৰি কয় যে ৰূপহীহাটত যিমান ক’ভিড পজিটিভ হৈছে আৰু যাতে পজিটিভৰ সংখ্যা নাবাঢ়ে তাৰ কামনা কৰে। অসমত যি হাৰত ক’ভিড পজিটিভৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ই এক ভয় লগা অৱস্থাত পৰিণত হৈছে ৷অসমত বৰ্তমান ক’ভিড পজিটিভ হাৰ হৈছে ৮·২৬% ৷
অসমত এতিয়ালৈকে প্ৰায় ২১৬০ জন লোক কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷নগাঁও জিলাতো ক’ৰণা ৰোগী উদ্ধেকজনক ভাবে বৃদ্ধি হৈছে আৰু প্ৰায় ২৯ জনৰ মৃত্যু হৈছ ৷ক’ৰণাত আক্ৰান্ত সকলোৰে আশু-আৰোগ্য কামনা কৰি আৰু যাতে বৃদ্ধি নহয় তাৰ বাবে সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায়।
ৰূপহীহাটৰ বিধায়কৰ ক’ভিড চেন্টাৰ পৰিদৰ্শন
