আজি আনুষ্ঠানিক ভাৱে মুকলি হ’ল ৰোহটাঙ অটল টানেল।এই ৰোহটাঙ অটল টানেল হ’ল দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাই পথৰ সুৰংগ। এই সুৰংগটোৱে মনালী আৰু লাহাউলক সংযুক্ত কৰিছে।
এই সুৰংগটো নিৰ্মাণৰ প্ৰকল্পৰ কামত জৰিত আছিল এগৰাকী অসম সন্তান। তেখেতৰ নাম মৃদুপম পাঠক। জানিব পৰা মতে মৃদুপমে ২০১৫চনৰ পৰাই সুৰংগটো নিৰ্মান কাৰ্যৰ এগৰাকী পৰ্যবেক্ষক পৰামৰ্শদাতা হিচাপে কৰ্মৰত হৈ আছিল। গুৱাহাটী ৰুক্মিণী গাঁৱৰ বাসিন্দা মৃদুপম অসম সচিবালয়ৰ অৱসপ্ৰাপ্ত বিষয়া প্ৰয়াত গহীন পাঠক আৰু শিক্ষয়িত্ৰী ইৰা পাঠকৰ পুত্ৰ।
ৰোহটাঙ অটল টানেল প্ৰকল্পৰ লগত জৰিত আছিল এগৰাকী অসম সন্তান
