অসমৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা সম্পৰ্কে আলোচনা

অসমৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা সম্পৰ্কে আলোচনা

আজি নতুন দিল্লীত কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী ৰাম বিলাস পাছোৱানাৰ আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগত ৰাজ্যখনৰ সুলভ-মূল্যৰ দোকানৰ জৰিয়তে ৰেহাই হাৰত চেনি যোগান, চাহ বাগিছা এলেকাসূহত ৰেহাই হাৰত চাউলৰ যোগান, ৰেহাই হাৰত আটাৰ যোগান তথা বিকেন্দ্ৰীকৃত ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনৰ পৰা উৎপাদিত ধান সংগ্ৰহ সম্বন্ধে আলোচনা কৰে।

CM meets Finance Minister

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সৈতে হোৱা আলোচনাৰ পিছতেই নতুন দিল্লীৰ অসম ভৱনত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ সচিব প্ৰীতি চুডানৰ মাজত ৰাজ্যখনৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা সম্পৰ্কত এক বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্য সচিব বিনোদ কুমাৰ পিপাৰচেনীয়া, ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান, গ্ৰাহক পৰিক্ৰমা বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

সচিব গৰাকীয়ে মুখ্যমন্ত্ৰীয়ে গৰাকীৰ ওচৰত উপস্থাপন কৰা বিষয়সমূহ ফলপ্ৰসুভাবে সমাধানৰ ব্যৱস্থা লোৱা বুলি মুখ্যমন্ত্ৰীক অৱগত কৰে।

Comments (0)
Add Comment