USGRAVIKA য়ে হাজাৰজনলৈ আশাৰ ৰেঙনি কঢ়িয়াইছে

USGRAVIKA য়ে হাজাৰজনলৈ আশাৰ ৰেঙনি কঢ়িয়াইছে

যান্ত্ৰিকতাৰ মাজতো প্ৰশমন হোৱা নাই মানৱীয় অনুভূতি। আজিৰ দিনটো আপোনাৰ, আমাৰ দৰে ইজনে সিজনৰ কথা ভবা মানুহ আমাৰ মাজতো আছে। এজন বিশেষ ব্যক্তিৰ নাম পুতুল শৰ্মা। ঘৰ মহানগৰীৰ নাৰেংগীত। শৰ্মাৰ স্বত্বচায়াতে আৰম্ভ হৈছে মহানগৰীত ইঞ্জিন যুক্ত ৰিক্সা।

IMG-20170303-WA0019

আচলতে এই ৰিক্সা কথা জানিব পাৰিছিলো, এজন ৰিক্সাচালকৰ পৰা। প্ৰসংগ ক্ৰমে উল্লেখযোগ্য যে এদিন মই নিজেই এই ইঞ্জিনযুক্ত ৰিক্সাৰ যাত্ৰী আছিলো। ই-ৰিক্সাত হোৱাৰ দৰে হোৱা শব্দ হোৱা আৰু পেডেল নমৰাৰ সকলো কথা বিৱৰি সুধাত সবিশেষ জানিব পাৰিছিলো।

IMG-20170303-WA0018

সূত্ৰৰ পম খেদি উপস্থিত হৈছিলো পুতুল শৰ্মাৰ ওচৰত। পুতুল শৰ্মাই ইঞ্জিন যুক্ত ৰিক্সা খনৰ সম্পৰ্কে আমাক এনেদৰে জানিবলৈ দিয়ে- ই ৰিক্সা বোৰ যেতিয়া বজাৰত আহিল, তেতিয়া সাধাৰণ ৰিক্সা চালক সকলৰ পেটৰ ভাত মুঠি মৰা নিচিনা হ’ল। ইফালে যাত্ৰী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি জনমগ্ন হোৱা পৰিস্থিতিৰ লগত মোকামিলা কৰিবলৈ USGRAVIKA ক নিৰ্মাণ কৰিলো। ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি নিবনুৱা সকলক সকাহ যোগালো। সহজসাধ্য ক্ষুদ্ৰ ঋণ ব্যবস্থাৰ যোগেদি পৰনিৰ্ভৰশীল ৰিক্সাচালকক আত্মনিৰ্ভশীল হোৱাৰ সোণালী অধ্যায়ৰ সূচনা কৰিলো।

উল্লেখযোগ্য যে USGRAVIKA ৰ (ইঞ্জিনযুক্ত ৰিক্সাৰ) মুল্য ই-ৰিক্সাতকৈ আধা মূল্য হোৱাৰ লগতে প্ৰাকৃতিক ইন্ধন ৰাহি হোৱাৰ লগতে গাড়ীৰ পৰা নিৰ্গত হোৱা ধোৱাঁৰ পৰা পৰিবেশ সুৰক্ষিত কৰিব পাৰি। ইয়াৰ জৰিয়তে কম কষ্টতে এজন নিবনুৱাই স্বাৱলম্বী হ’ব পাৰে। তাৰ উপৰিও পেডেল, ইঞ্জিন, সৌৰশক্তি অথবা বিদ্যুৎ ব্যৱহাৰ কৰি এই ৰিক্সা চলাব পৰা যায় বাবে HYBRID RIKSHAW বোলা হয়।

IMG-20170303-WA0017

ভবিষ্যতে নিত্য ব্যৱহাৰ্য্য সামগ্ৰী ঘৰতে পাব পৰাকৈ বাহন প্ৰস্তুত কৰাৰ পৰিকল্পনা আছে। উদ্যমী পুতুল শৰ্মা সফল হওক, হাজাৰ জনৰ অনুপ্ৰেৰণাৰ উৎস হওক। আমাৰ থাকিল বহু শুভকামনা।

Comments (2)
Add Comment
  • অনিল কুমাৰ পেগু

    প্ৰথমবাৰ এনে ধৰণৰ ইঞ্জিন চালিত ৰিক্সা মই ত্ৰিপুৰাত দেখি ভাল লাগিল যে ওখ-চাপৰ ঠাইত সহজে যাব পাৰি আৰু কম কষ্টকৰ বাবে দুৰ্বল জনেও চলাব পাৰে ৷
    এতিয়া গুৱাহাটীত ওলোৱা দেখি ভাল লাগিল ৷

  • Natyabir

    NICE WRITE UP
    KEEP GOING