৩ টা সুখবৰ

অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে থিয় দিয়া অন্যতম প্ৰতিবাদী কণ্ঠ বীৰুবালা ৰাভা। শেহতীয়াকৈ তেখেতে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে এইগৰাকী বীৰাংগনাক ৰাষ্ট্ৰসংঘই বিশেষভাবে আমন্ত্ৰণ জনাইছে। ৰাষ্ট্ৰসংঘৰ জেনেভাত অহা ২৮ ছেপ্তেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা এক কৰ্মশালাৰ বাবে বীৰুবালা ৰাভাই আমন্ত্ৰণ পাইছে। মানৱ অধিকাৰ আৰু আইন সম্পৰ্কে কৰ্মশালাখনত আলোচনা হ’ব বুলি জানিব পৰা গৈছে। স্মতৰ্ব্য যে এই কৰ্মশালাখনত পৃথিৱীৰ বিভিন্ন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। গোৱালপাৰা জিলাৰ আগিয়াৰ বাসিন্দা বীৰুবালা ৰাভাই এনেদৰে আমন্ত্ৰণ লাভ কৰি যথেষ্ট সুখী অনুভৱ কৰিছো বুলি মন্তব্য কৰিছে।

আনহাতে উত্তৰ পূব পৰ্যটনৰ ক্ষেত্ৰখনক বিশ্ববাসীৰ আগত দাঙি ধৰাৰ প্ৰয়াসেৰে ফাইণ্ডাৰব্ৰীজ নামৰ এটা পৰ্যটন সংস্থাই আত্মপ্ৰকাশ কৰিছে। আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত ফাইণ্ডাৰব্ৰীজৰ সম্পৰ্কে প্ৰতিষ্ঠাতা  সকলে সদৰী কৰি যে এতিয়াও আমাৰ উত্তৰ পূবত অনাৱিস্কৃত ঠাই আছে। আমাৰ ফাইণ্ডাৰব্ৰীজৰ যগেদি গ্ৰাম্য, দুঃসাহসিক পৰ্যটনৰ ক্ষেত্ৰত নতুন দিগন্ত সুচনা কৰিব প্ৰয়াস কৰিম। আগ্ৰহী সকলে সবিশেষ জানিবৰ বাবে www.finderbridge.com ত লগ অন কৰিব পাৰে।

অলপতে Tech Variable নামৰ মহানগৰীৰ স্থিত এটা IT Consultancy য়ে Ministry of External Affairs য়ে Chemical আৰু Petrochemical বিভাগৰ সহযোগত আয়োজন কৰা এক প্ৰতিযোগিতাত ৭০০০ টা কোম্পানীক চেৰ পেলাই বিজয়ী হ’বলৈ সক্ষম হৈছে। এই সম্পৰ্কত কোম্পানীৰ হৈ CEO নিলোৎপল বৰুৱাই জানিবলৈ দিয়ে যে আমি Online Technology সম্পৰ্কত প্ৰকল্প দাখিল কৰি সফল হৈছো। এই স্বীকৃতিত আছে এক লাখ টকা, চাৰ্টিফিকেট, মেডেল আৰু ট্ৰফী।

 

Comments (0)
Add Comment