ৰঙিয়াত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনে অনুষ্ঠিত কৰে ৰক্তদান শিবিৰ

ৰক্তদান জীৱন দান’ ৰক্তেই জীৱন’ – এই শ্লোগানেৰে ৰঙিয়াত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। ৰঙিয়াৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত অনুষ্ঠিত এই ৰক্তদান শিবিৰত জি এম চি এচ ৰক্তকোষ বিভাগে সহযোগিতা আগবঢ়ায়। কাৰ্যসূচীখন ডুঙ্গৰমল জাজোদিয়া স্মৃতি ভৱনত দিনৰ ১০ বজাৰ পৰা আৰম্ভ কৰা হয়। শিবিৰত ৰঙিয়াৰ স্থানীয় প্ৰায় ৪০ জন ব্যক্তিয়ে ৰক্তদান কৰে । আয়োজক সমিতিয়ে জানিবলৈ দিয়ে যে সংকটজনক অৱস্থাত তেজৰ প্ৰয়োজন হোৱা লোকসকলক বিনামূলীয়াকৈ সহায় কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লৈছে। এনে মহৎ উদ্দেশ্যৰ স্থানীয় ৰাইজে শলাগ লৈছো।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Comments (0)
Add Comment